নিৰ্বাচনী বিফলতাৰ বাবে পদত্যাগৰ সিদ্ধান্ত ৰাহুল গান্ধীৰ,ছোনীয়াই দিলে বাধা

নিউজ ডেস্ক,নতুন দিল্লীঃ আজি ঘোষণা কৰা লোকসভাৰ নিৰ্বাচনৰ ফলাফলত ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতিৰ পদ ত্যাগৰ সিদ্ধান্ত লৈছে ৰাহুল গান্ধীয়ে। কেৱল ইমানেই নহয় বংশানুক্ৰমিকভাৱে উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰা বিজয়ী হৈ অহা গান্ধী পৰিয়ালৰ উত্তৰসুৰীৰ বাবে সুৰক্ষিত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত ৰাহুলৰ পৰাজয়ৰ বাবেও নৈতিক দায়িত্ব নিজেই মূৰ পাতি লোৱা দেখা গৈছে। উল্লেখ্য যে ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ তথা ইউপিএ মৰ্চাই শোচনীয় ফলাফল প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে শাসকীয় মৰ্চাই পূৰ্বতকৈ অধিক আসন কৰিবলৈ সক্ষম হয়। দেশজুৰি বিৰোধীৰ মিত্ৰতা গঢ়ি তোলাৰ ক্ষেত্ৰতো ৰাহুল গান্ধী ব্যৰ্থ হৈছিল। ফলত দলৰ ভিতৰত সমালোচনাৰ আশংকাত সভাপতিৰ পদ ত্যাগ কৰাৰ ইচ্ছা ব্যক্ত কৰে। অৱশ্যে ইউপিএৰ অধ্যক্ষ তথা ৰাহুল মাতৃ ছোনীয়া গান্ধীয়ে পদত্যাগৰ সম্পৰ্কত ৰাহুলৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনোৱা নাই আৰু এই কাৰ্যত বাধা প্ৰদান কৰি কিছুদিন ধৈয্য ধৰিবলৈ পৰামৰ্শ দিয়া বুলি প্ৰকাশ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here