আকৌ এবাৰ প্ৰমাণ কৰিম ভাৰত দুৰ্বল দেশ নহয়ঃ ৰাজনাথ সিং

নিউজ ডেস্ক,নতুন দিল্লীঃ ভাৰত বহুবছৰলৈ বিশ্বৰ এখন দুৰ্বল দেশ হিচাপে পৰিচিত হৈ আছিল। কিন্তু বিজেপি চৰকাৰ আসনলৈ অহাৰ পিছত বিশ্বৰ সংসদ ভাৰতে নিজকে এখন শক্তিশালি দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ। লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি আৰু ইয়াৰ সহযোগি দলসমূহে ভবাতকৈয়ো বেছি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে এই দৰে মন্তব্য কৰে।

তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত যি যুদ্ধ আৰম্ভ কৰিছে সেই যুদ্ধ অব্যাহত ৰাখিব। সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানক ভাৰতে এশিকনি দিবলৈ সক্ষম হৈছে।

কিন্তু মোদী চৰকাৰ অহাৰ পূৰ্বে কোনো এখন চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল। কেন্দ্ৰত পুনৰ মোদীৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দুগুণ উৎসাহেৰে চৰকাৰে কাম কৰিব বুলি ৰাজনাথ সিঙেþ কয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here