মে ভি চৌকিদাৰ’ অনুাস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ সমগ্ৰ দেশ ঐক্যবদ্ধ হ’লে কোনেও ভাৰতক লুট কৰিব নোৱাৰে

‘নতুন দিল্লীঃ পাঁচ বছৰৰ পূৰ্বে ভাৰতীয় ভোটাৰে মোক দেশৰ চকীদাৰ হিচাপে দায়িত্ব দিছিল। সেই দায়িত্ব পালন কৰাত মই দৃঢ় প্ৰতিজ্ঞ। আজি দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত আয়োজিত ‘মে ভি চৌকিদাৰ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইদৰে কয়। লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ দহ দিনৰ পূৰ্বে তালকাটৰাত তেওঁ দাবী কৰে, ‘আমাৰ সম্পদৰ সুৰক্ষা আমিয়ে নিশ্চিত কৰিব লাগিব।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘প্ৰত্যেক ভাৰতীয় যি ভাৰততে থাকক বা বাহিৰতে থাকক, শিক্ষিত বা অশিক্ষিত, যুৱক বা বৃদ্ধ সকলোৱে চকীদাৰ। এই দেশৰ দৰিদ্ৰ আৰু সাধাৰণ নাগৰিক যিনেকি আয়কৰ দিছে তেওঁলোক প্ৰত্যেকই চকীদাৰ। দেশৰ মানুহক ৰজা বা মহাৰজা হিচাপে চোৱা নাই, তেওঁলোকে নিজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাৰণে চকীদাৰ পচন্দ কৰে। আচল চকীদাৰ এটা ভাৱ। সমগ্ৰ দেশ ঐক্যবদ্ধ হ’লে কোনেও ভাৰতক লুট কৰিব নোৱাৰে। তেওঁৰ নাম প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা সময়ত বিৰোধীয়ে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। আজি এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ২০১৪ চনৰ আগেয়ে মোক খুউব কম লোকে জানিছিল। কিন্তু সমালোচনাই মোক জনপ্ৰিয় কৰিলে। তীব্ৰ সমালোচনাৰ সত্বেও দেশৰ জনগণই আমাৰ ওপৰত বিশ্বাস কৰি দেশ সেৱাৰ সুযোগ দিছিল। যোৱা পাঁচ বছৰত সেই বিশ্বাসৰ মৰ্যাদা ৰাখি দুৰ্নীতিৰ পৰা মুক্ত ৰাখি দেশৰ সম্পদ ৰক্ষাৰ কাৰণে যথাযথ চেষ্টা কৰিছো। ক’তো জনগণৰ ধনৰ অপব্যৱহাৰ কৰা নাই। ইয়াৰ লগতে তেওঁ কয়, ‘মোৰ ওচৰত নিৰ্বাচন নহয়, সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল দেশ। বিৰোধীয়ে সমালোচনা কৰিলেও শত্ৰুৱে ঘৰত সোমাই উপদ্ৰব চলাইছিল। ভোটৰ কাৰণে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰা পিছপৰা নহয়। পাকিস্তান আৰু সেই দেশৰ বন্বুূৱে ভাবিছিল মোডী নিৰ্বাচনত ব্যস্ত। তেওঁ কোনো প্ৰত্যুত্তৰ নিদিয়ে। কিন্তু তেওঁলোকৰ সেই ভুল অচিৰেই ভাঙি গ’ল। তাতে এটা অতি দুখজনক যে যি আমাক ঘৃণা কৰে, তেওঁ পাকিস্তানৰ বক্তব্যক সমৰ্থন কৰিছে।’

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here