পূৰ্বতকৈ অধিক আসন পাব বিজেপিয়ে

নতুন দিল্লীঃ কেন্দ্ৰৰ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাই লোকসভাৰ দুই-তৃতীয়াংশ আসন দখল কৰিব আৰু বিজেপিয়ে অকলেই পূৰ্বৰ নিৰ্বাচনতকৈ অধিক আসন লাভ কৰিব। এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ। এক সংবাদমেলত অংশ ল’বলৈ গৈ ৰাজনাথ সিঙে কয় যে বিৰোধী দলবোৰে এতিয়ালৈকে এওঁলোকৰ প্ৰধানমন্ত্ৰীৰ নামটোকে ঠিৰাং কৰিব পৰা নাই। নিজৰ মাজত খোৱা-কামোৰা কৰি থকা বিৰোধীয়ে নিৰ্বাচনৰ পাছতো একত্ৰিত হ’ব নোৱাৰে। ইয়াৰ বিপৰীতে এনডিএ মৰ্চা একত্ৰিত হৈ আছে আৰু বিজেপিয়ে পূৰ্বতকৈ অধিক আসনত বিজয় সাব্যস্ত কৰিব। দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এই সংবাদমেলখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনৰ নাম যে বিৰোধীয়ে ঠিৰাং কৰিব পৰা নাই সেই কথা ৰাইজক বেছি দিনলৈ ঢাকি ৰাখিব নোৱাৰে। নৰেন্দ্ৰ মোডীৰ বিপৰীতে বিৰোধীৰ হাতত কোন নেতা আছে সেই কথা ৰাজহুৱা কৰিবৰ বাবেও প্ৰত্যাহবান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here