চমকপ্ৰদ সফলতাৰে অসমত বিজেপিৰ জয়যাত্ৰা অব্যাহত

নিউজ ডেস্কঃ অসমত আশা কৰাতকৈ ভাল ফলাফলেৰে চমকপ্ৰদ বিজয় ধবজা উৰুৱাবলৈ সক্ষম হ’ল ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তা তথা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৰ আটাইকেইজন প্ৰাৰ্থী। ইয়াৰ বিপৰীতে সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল দিছপুৰত বিজেপিৰ মৰ্চা চৰকাৰৰ অংশীদাৰ অগপ আৰু বিপিএফ দল দুটা। মাত্ৰ এখন আসনত বিজয়ী হোৱা এআইইউডিএফৰ বিফলতাও অতিকে লক্ষ্যণীয় হৈ পৰিল।

সমান্তৰালভাৱে আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দল ৰাইজৰ সমৰ্থনৰ আদায়ত সক্ষম নহ’ল। উল্লেখ্য যে অসমৰ ১৪টা সমষ্টিৰ দহটাত বিজেপিয়ে নিজা প্ৰাৰ্থী থিয় কৰাইছিল। তাৰে যোৰহাটত তপন কুমাৰ গগৈ, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী, লখিমপুৰত প্ৰদান বৰুৱা, স্বায়ত্ব শাসিত পাৰ্বত্য জিলা দুখনৰ যুটীয়া সমষ্টিত হৰেণ সিং বে, শিলচৰত ৰাজদ্বীপ ৰয়, কৰিমগঞ্জত কৃপানাথ মাল্লা, মঙলদৈত দিলীপ শইকীয়া, তেজপুৰত পল্লৱলোচন দাস বিজয়ী হয়।

গুৱাহাটী সংসদীয় সমষ্টিৰ দুই প্ৰাৰ্থী কংগ্ৰেছৰ ববিতা শৰ্মাৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী বিজেপিৰ কুইন ওজাই বিজয় লাভ কৰিবলৈ য়ক্ষম হয়। নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ প্ৰতিদ্বন্দী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে বিজয় লাভ কৰো। কলিয়াবৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক পৰাজিত কৰো। আনহাতে কোকৰাঝাৰ সংসদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া বিজয় লাভ কৰিছে৷ ধুবুৰী সংসদীয় সমষ্টিত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে জয় লাভ কৰে ৷ ইয়াৰ বিপৰীতে অগপ আৰু বিপিএফ দুয়োটা দলে এইবাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বিফল হোৱাটো পৰিলক্ষিত হ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here