
ইণ্ডিয়া অপেনত অসমৰ শিৱ, যমুনা, ভাগ্যৱতীৰ সোণৰ পদক লাভঃ
লাভলিনা-অংকুশিতাৰ ৰূপৰ পদকঃ ফাইলু বসুমতাৰীৰ ব্ৰঞ্জৰ পদক
নিউজ ডেস্কঃ ইণ্ডিয়ান অপেন চেম্পিয়নশ্বিপত উত্তৰ-পূবৰ বক্সাৰৰ সফলতাৰ ক্ষেত্ৰত অসমৰ শিৱ থাপা, যমুনা বড়ো আৰু ভগ্যৱতী কাছাৰিয়ে দ্বিতীয় ইণ্ডিয়া অপেন আন্তৰ্জাতিক বক্সিং প্ৰতিযোগিতাত সোণ লাভ কৰিছে। আনহাতে লাভলিনা বৰগোহাই আৰু অংকুশিতা বড়োই ৰূপ তথা ফাইলু বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাৰ অন্তিম দিনা অসমক প্ৰথমটো সোণৰ পদক দিয়ে যমুনা বড়োই। ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত যমুনাই ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে দেশৰে সন্ধাৰাণীক। উল্লেখ্য যে এয়া যমুনাৰ কেৰিয়াৰৰ ছিনিয়ৰ শাখাত প্ৰথমটো আন্তৰ্জাতিক স্বৰ্ণ পদক। ইয়াৰপূৰ্বে বিগত প্ৰথম ইণ্ডিয়া অপেনত যমুনাই নতুন দিল্লীত ব্ৰঞ্জ অৰ্জন কৰিছিল। কিন্তু অসমৰ লাভলিনা বৰগোহায়ে ৬৯ কিলোগ্ৰাম শাখাৰ ফাইনেলত ইটালীৰ আছুণ্টা কানফ’ৰাৰ বিৰুদ্ধে ৩-২ ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপ লাভ কৰে।
উল্লেখ্য যে ৱাকঅভাৰ লাভ কৰি প্ৰতিযোগিতাত পোনে পোনে ফাইনেল খেলিছে লাভলিনাই। যোৱা বছৰ ইণ্ডিয়া অপেনত সোণ লাভ কৰা লাভলিনাই নতুন দিল্লী বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ পাইছিল। ইফালে আত্মবিশ্বাসেৰে খেলা অসমৰ অলিম্পিয়ান বক্সাৰ শিৱ থাপাই স্থানীয় সমৰ্থকক বিমুখ নকৰি সোণ লাভ কৰে। ৬০ কিলোগ্ৰাম শাখাৰ ফাইনেলত শিৱই দেশৰে মনীষ কৌশিকক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে। ক্ৰমাগত ৰূপত কেৰিয়াৰৰ তৃতীয়খন অলিম্পিক খেলিবলৈ মানসিকভাৱে সাজু হৈছে শিৱ।
আনহাতে ছেমিফাইনেলত অসমৰে ফাইলু বসুমতাৰীক ৪-১ ৰ ব্যৱধানত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰা অসম কন্যা অংকুশিতা বড়োই আজি ৬৪ কিলোগ্ৰাম শাখাৰ খিতাপৰ যুঁজত ইটালীৰ ফ্ৰানচেছা আমাটোৰ বিৰুদ্ধে ৫-০ ত পৰাস্ত হৈ ৰূপ লাভ কৰে। ইফালে ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অসম কন্যা ভাগ্যৱতী কছাৰীয়ে দেশৰে পূজাৰ বিৰুদ্ধে ৩-২ ৰ ব্যৱধানত জয়লাভ কৰি সোণ লাভ কৰিবলৈ সক্ষম হয়। ছেমিফাইনেলত ভাগ্যৱতীয়ে ৫-০ ত পৰাস্ত কৰিছিল সতীৰ্থ নুপুৰক। স্মৰ্তব্য যে বিশ্ব চেম্পিয়নশ্বিপত পদক বিমুখ হোৱাৰ পাছত ইণ্ডিয়া অপেনত ওজন শাখা সলনি কৰি অলিম্পিকৰ সপোন লৈ সোণ জয়ৰ লক্ষ্য লৈছিল ভাগ্যৱতীয়ে। ইফালে ভাৰতত প্ৰথমটো সোণ দিয়ে পুৰুষৰ ৪৯ কিলোগ্ৰাম শাখাত দীপকে। ফাইনেলত দীপকে সতীৰ্থ গোবিন্দ কুমাৰ ছাহানীক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে।
আনহাতে প্ৰত্যাশিতভাৱে স্বৰ্ণ লাভ ক্ৰ অমিত পাংগলেও। ৫২ কিলোগ্ৰাম শাখাৰ ফাইনেলত অমিতে ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰে দেশৰে শচীনক। ইফালে ৬৯ কিলোগ্ৰামৰ ফাইনেলত ভাৰতৰ আশীষে সতীৰ্থ বক্সাৰ দুৰ্য্যধন সিং নেগীক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰি সোণ লাভ কৰাৰ লগতে মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভাৰতৰ নীৰজে দেশৰে মনীষাক ৫-০ ৰ ব্যৱধানত হৰুৱাই সোণ অৰ্জন কৰে। ইফালে তিনি বছৰৰ বিৰতিৰ পাছত সোণ লাভ কৰিবলৈ সক্ষম হৈছে এল সৰিতা দেৱীয়ে। ৬০ কিলোগ্ৰাম শাখাৰ ফাইনেলত মণিপুৰী বক্সাৰগৰাকীয়ে ৩-২ ৰ ব্যৱধানত পৰাস্ত কৰে দেশৰে ছিমৰনজিত কৌড়ক। স্মৰ্তব্য যে অন্তিমবাৰৰ বাবে সৰিতাই ২০১৬ ত গুৱাহাটীতে অনুষ্ঠিত ছাফ গেমছত সোণ লাভ কৰিছিল।
ইফালে প্ৰত্যাসিতভাৱে অলিম্পিক পদক বিজয়ী এম চি মেৰী কমেও সোণ লাভ কৰে। ৫১ কিলোগ্ৰাম শাখাৰ ফাইনেলত অভিজ্ঞ মেৰীয়ে ভাৰতৰে বনলাল ডৌটিক ৫-০ ৰ ব্যৱধানত হৰুৱায়। উল্লেখ্য যে দেশৰ মাটিত প্ৰথমবাৰৰ বাবে ৫১ কিলোগ্ৰামত খেলি সোণ লাভ কৰিলে মেৰীয়ে। কিন্তু ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকে ভাৰতৰ ম’নিকা (৪৮ কিলোগ্ৰাম) আৰু কবিন্দৰ কুমাৰ বিষ্ট (৫৬ কিলোগ্ৰাম)। ম’নিকাক ৩২-৩ ত ফিলিপাইনছৰ জ’ছি আনাপেগাবুকোই পৰাস্ত কৰাৰ বিপৰীতে থাইলেণ্ডৰ চাটচাই বুটডীয়ে ৩-২ ত হৰুৱাই কবিন্দৰক। ইফালে মৰিছাছৰ ক’লিন লুইছ ৰিচাৰ্নোৰ হাতত পৰাস্ত হৈ ৰূপ লাভ কৰে ভাৰতৰ ৰোহিত ট’কাছে (৬৪ কিলোগ্ৰাম)। ইফালে ৭৫ কিলোগ্ৰামৰ ফাইনেলত ভাৰতৰ আশীষ কুমাৰে বিপক্ষ ফিলিপাইনছৰ ইউমিৰ ফেলিক্স ছান্তোছক ৱাকঅভাৰ দিয়াত ৰূপ লাভ কৰে।