বিজয়ৰ পাছতে আদৱানি-মুৰুলী মনোহৰ যোশীৰ আশীৰ্বাদ ল’লে মোডী-অমিত শ্বাহে

নিউজ ডেস্ক,নতুন দিল্লীঃ বিজয়ৰ পাছতে আদৱানি-মুৰুলী মনোহৰ যোশীৰ আশীৰ্বাদ ল’লে মোডী-অমিত শ্বাহে। গুৰুক সেৱা জনাই আশীৰ্বাদ ল’লেই অসম্ভৱো সম্ভৱ হয়। গুৰুৱে কামনা কৰে শিষ্যই সফলতা অৰ্জন কৰক আৰু তেতিয়াই পায় গুৰুৱে প্ৰথম স্থান।

তাৰেই পুনৰাবৃত্তি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰুক সেৱা জনাই আশীৰ্বাদ লৈ নতুন যাত্ৰাৰ বাবে। গুৰুদক্ষিণা হিচাপে সফলতাৰ প্ৰাপ্তিক গুৰুৰ চৰণত স্থাপন কৰাই শিষ্যই দান কৰা গুৰুদক্ষিণাৰ সমপৰ্যায়ৰ। তাৰেই যেন পুনৰ দোহৰাই সেনাপতিসদৃশ সতীৰ্থ অমিত শ্বাহক লগত লৈ শুকুৰবাৰে পুৱাই দলৰ প্ৰবীণ নেতা তথা লৌহ মানৱ লালকৃষ্ণ আদৱানি আৰু মুৰুলীধৰ মনোহৰ যোশীক সাক্ষাৎ কৰে নৰেন্দ্ৰ মোডীয়ে।

পুৱাৰ ভাগতে প্ৰবীণ নেতা আদৱানিৰ বাসগৃহলৈ গৈ তেওঁক সাক্ষাৎ কৰি আশীৰ্বাদ শিৰত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়– বিজেপিয়ে আজি দেশজুৰি বৃহৎ সাফল্য লাভ কৰাৰ মূলতে আছে অটল বিহাৰী বাজপেয়ীৰ পিছতে লালকৃষ্ণ আদৱানি ডাঙৰীয়া। তেওঁৰ বাবে আজি দলে বৃহৎ দল হিচাপে পৰিগণিত হৈছে। তেওঁৰ আদৰ্শ আৰু ত্যাগে দলক আগুৱাই আনি ভৱিষ্যতলৈয়ো আগুৱাই যোৱাত প্ৰেৰণা যোগাই যাব। তেওঁ এগৰাকী প্ৰকৃততেই সাংগঠনিক নেতা। আনহাতে আদৱানিৰ আশীৰ্বাদ লৈ পুনৰ বিজেপিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীক সাক্ষাৎ কৰে।

মুৰুলী মনোহৰ যোশীক সাক্ষাৎ কৰা এখন ফটো টুইটাৰ যোগে প্ৰচাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়– ড০ মুৰুলী মনোহৰ যোশী এগৰাকী জ্ঞানী পুৰুষ। তেওঁৰ বৌদ্ধিকতা অতুলনীয়। ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদান অপৰিসীম। দল আৰু দলৰ কাৰ্যকৰ্তাৰ বাবে তেওঁ সদায়ে আদৰ্শ হৈ ৰ’ব। আজি পুৱাই তেওঁক সাক্ষাৎ কৰি আশীৰ্বাদ লৈছোঁ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here