বৃহৎ বিজয়েৰে দিল্লীৰ মছনদত পুনৰ মোদীঃ কংগ্ৰেছমুক্ত ভাৰতৰ আগজাননী

ডিজিটেল ডোস্ক, প্ৰাগজ্যোতিষঃ ভাৰতৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি বিজেপিয়ে পুনৰবাৰ দখল কৰিলে দিল্লীৰ মছনদ। বিজেপিৰ নেতৃত্বত এন ডি এই তিনিশৰো অধিক আসন লাভ কৰি দিল্লীত গঠন কৰিলে চৰকাৰ। কংগ্ৰেছকে ধৰি বিৰোধীৰ অৱস্থা হৈ পৰিল তথৈবচ। খোদ ৰাহুল গান্ধী আমেথীত হাৰি থাকিল।

চলমান খুৰশ্বিদৰ দৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ আমানতৰ ধনো জব্দ হ’ল। দেশৰ ১৮ খন ৰাজ্যত কংগ্ৰেছে এখনো আসন নাপালে। কেৱল পঞ্জাৱ আৰু কেৰালাতহে কংগ্ৰেছৰ কিছু সন্মান ৰক্ষা হ’ল। ইফালে, মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডু, মায়াৱতী, অখিলেখ যাদব আদি সকলোৰে ৰাজনৈতিক ভৱিষ্যৎ হৈ পৰিল অন্ধকাৰ। বহুতৰ বাবে এই ফলাফল অপ্ৰত্যাশিত হ’লেও আমাৰ বাবে আছিল প্ৰত্যাশিত। কিয়নো আমি বাস্তৱক উলাই কৰি কেতিয়াও ৰাজনৈতিক বিশ্লেষণ কৰা নাই। বিজেপিৰ জয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফলতা আছিল অপ্ৰত্যাশিত। অৱশ্যে আসনৰ সংখ্যা ৩০০ পাৰ কৰিব নে নাই তাক লৈ দ্বিধাগ্ৰস্ততা আছিল।

আমাৰ দৃষ্টিত এখন শক্তিশালী ভাৰতৰ বাবে আকৌ এবাৰ মোদী চৰকাৰৰ প্ৰয়োজন আছিল। অকপট স্বীকাৰোক্তি সেয়েহে বিজেপিৰ এই শ্ল’গানৰ লগত আমাৰ সহমত আছিল। দেশৰ এশৰো অধিক বুদ্ধিজীৱী, সাহিত্যিক, ইতিহাসবিদ, স্তম্ভলেখক, শিল্পী, অভিনেতা কিম্বা ৰাজনৈতিক পণ্ডিতে বিজেপিক ভোট দিব নালাগে বুলি মুকলিকৈ দেশৰ জনসাধাৰণক আহবান জনাব পাৰে তেন্তে আমিও শক্তিশালী, উন্নয়নমুখী ভাৰতৰ বাবে নিশ্চয়কৈ বিজেপি শাসনলৈ অহাতো কামনা কৰিব পাৰো।

ঘোষিত ফলাফলে তাকেই প্ৰতিপন্ন কৰিলে। এতিয়া প্ৰশ্ন হ’ল বিৰোধী ৰাজনৈতিক দলসমূহে হাজাৰ চেষ্টা কৰিও বিজেপিৰ সন্মুখত কোনো প্ৰত্যাহবান আনিবলৈ সক্ষম নহ’ল কিয়· আমাৰ দৃষ্টিত বিজেপি কিম্বা মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে ইছ্যু উলিয়াব নোৱাৰিলে। যুক্তিসংগত ইছ্যুৰ বিপৰীতে নেতিবাচক প্ৰচাৰ মোগী বিদ্বেষতহে ব্যস্ত হৈ থাকিল।

সবাতোকৈ ডাঙৰ কথাটো হ’ল দেশৰ অখণ্ডতা, ৰাষ্ট্ৰবাদ আদি অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত কংগ্ৰেছসহ বিৰোধী দলৰ আপোচ। বিপৰীতে বিজেপিৰ দৃঢ় স্থিতিয়ে দেশৰ জনসাধাৰণক আশ্বস্ত কৰি ৰাখিছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মন্তব্য কৰিছে যে কংগ্ৰেছে ৰাফেলক লৈ ইমান হৈ চৈ কৰাৰ প্ৰয়োজনেই নাছিল।

বালাকোটৰ এয়াৰ ষ্ট্ৰাইকক লৈও প্ৰশ্ন অৱতাৰণা কৰিব নালাগিছিল। তাতকৈ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণকহে ইছ্যু কৰিব লাগিছিল কংগ্ৰেছে। ওমৰ আব্দুল্লাৰ দৰে নেতা এজনৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। আমি ভাবো মোদী চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে কোনো ইছ্যু বিচাৰি নাপালে। সেয়েহে কাল্পনিক, বাস্তৱবৰ্জিত কিছুমান বিষয়ক অনাহক ইছ্যু হিচাপে টানি আনিলে। আৰু ৰাইজে সেইবোৰ গ্ৰহণ নকৰিলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here