ৰাষ্ট্ৰবাদৰ জয়

কৌশিক কুমাৰ ডেকা

এই জয় আছিল অৱধাৰিত। জাগ্ৰত দেশৰ জনতাৰ মত কি সেয়া আজি স্পষ্ট হ’ল। আকৌ এবাৰ মোদী চৰকাৰ নহয়, শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বাৰ বাৰ মোদী চৰকাৰৰ প্ৰয়োজন। জনাদেশে যেন তাৰেই বাৰ্তা বহন কৰিলে। ২০১৯ ৰ নিৰ্বাচন আছিল ইছ্যুহীন নিৰ্বাচন।

অৰ্থাৎ মোদী চৰকাৰৰ বিৰুদ্ধে জনমত সৃষ্টি কৰিব পৰা বিৰোধীৰ হাতত কোনো ইছ্যু নাছিল। যাৰ বাবে কংগ্ৰেছে কাল্পনিক কিছুমান ইছ্যুৰ সৃষ্টি কৰিলে। যেনে- ৰাফেল কেলেংকাৰি, গববৰ সিং টেক্স, চকীদাৰ চোৰ হ্যে আদি। সত্যক ঢাকি মনে সজা কাহিনীৰে নিৰ্বাচনী ইছ্যু সৃষ্টি কৰিবলৈ গৈ কংগ্ৰেছে মুখথেকেচা খালে।

দেশত ৰাফেল বিমান ক্ৰয়ক লৈ কোনো কেলেংকাৰি হোৱা নাই, দেশৰ জনসাধাৰণে বুজিছিল। কিন্তু ৰাহুল গান্ধীয়ে জোৰকৈ প্ৰতিপন্ন কৰিব বিচাৰিছিল যে কেলেংকাৰি ৰাষ্ট্ৰবাদৰ জয় সংঘটিত হৈছে। জি এছ টিয়ে অসাধু ব্যৱসায়িক চক্ৰকহে বিপদত পেলাইছে, সাধাৰণ ব্যৱসায়ীসকলক নহয়। কিন্তু কংগ্ৰেছে জি এছ টিৰ নাম দিলে গববৰ সিং টেক্স।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজকোষৰ পৰা এক টকাও চুৰি কৰিছে নে নাই দেশৰ জনসাধাৰণে জানে। তৎসত্ত্বেও কল্পনাপ্ৰসূত বিষয় কিছুমানক ইছ্যু হিচাপে লৈ কংগ্ৰেছ আৰু ইউ পি এ নিৰ্বাচনত অৱতীৰ্ণ হ’ল। যিবোৰৰ কোনো ভিত্তি নাছিল। ভোটাৰ ৰাইজৰ মন, মগজু সজাগ। ভোটাৰক বিভ্ৰান্ত কৰাতো ইমান সহজ নহয়। দেশক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ‘ভিজন’ক লৈ কাৰো সন্দেহ নাই। দেশৰ আভ্যন্তৰীণ সুৰক্ষা, অখণ্ডতা ৰক্ষাৰ পৰা ভাৰতক বিশ্বগুৰুৰ আসনত বহুৱাৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি পথেৰে আগবাঢ়িল তাৰ প্ৰতি দেশবাসীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়ালে।

ব্যতিক্ৰম মাত্ৰ বিচ্ছিন্নতাবাদী শক্তি। তেওঁলোকে কেতিয়াও ভাৰতীয় জাতীয়তাবাদ, ৰাষ্ট্ৰবাদক স্বীকাৰ নকৰে আৰু বিশ্বাসো নকৰে। বিশেষকৈ বামপন্থীসকল, তেওঁলোকে সদায় স্ব-ধৰ্ম, স্বজাতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে। হিন্দুত্ববাদ ভাৰতীয় গণতন্ত্ৰৰ সবাতোকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰি কিছুমান অসত্য, কাল্পনিক অভিযোগেৰে ৰাষ্ট্ৰবাদক নস্যাৎ কৰিবলৈ বাৰে বাৰে চেষ্টা অব্যাহত ৰাখিছে।

কিন্তু তেওঁলোক ব্যৰ্থ। তেওঁলোকৰ ঘৃণা, বিদ্বেষৰ ৰাজনীতিৰ বিপৰীতে ৰাষ্ট্ৰবাদৰ উত্থান অন্যতম গুৰুত্বপূৰ্ণ দিশ। তুষ্টিকৰণৰ বিপৰীতে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ, সমাজৰ শেষৰজন লোকৰ কল্যাণ আৰু সকলোৰে সমবিকাশ এই নীতি গ্ৰহণ কৰি বিজেপিয়ে যি ৰাজনৈতিক উত্থান ঘটালে ইয়াৰ দ্বাৰাই লোকসভা নিৰ্বাচনত বৃহৎ জয় সম্ভৱ হ’ল।

সবাতোকৈ ডাঙৰ কথাতো হ’ল কংগ্ৰেছে পূৰ্বৰ ৰাষ্ট্ৰীয় চৰিত্ৰ হেৰুৱাইছে। বাওঁ দল আৰু কংগ্ৰেছৰ মাজত এতিয়া নীতি-আদৰ্শত কোনো তফাৎ নাই। ধৰ্মনিৰপেক্ষতাৰ আঁৰত কেৱল মুছলমান তোষণ, বিচ্ছিন্নতাবাদীৰ শক্তিৰ সৈতে কৰমৰ্দন, জাতিবাদ আদি কংগ্ৰেছৰ ৰাজনীতিৰ আধাৰ হৈ পৰিলে। বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰবাদ আৰু উন্নয়নমুখী ৰাজনীতিৰে দেশৰ জনগণৰ হিয়াৰ আমঠু হ’বলৈ সক্ষম হ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here