আৰ এছ এছৰ বিৰুদ্ধে লক্ষ্মীনাথ তামুলীৰ লিখিত গ্ৰহণী আৰু সত্যতা

বিশ্বজিৎ নাথ

নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰত শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰে পৰাই সমগ্ৰ দেশৰ লগতে এই অসমতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে একাংশ উচ্চ শিক্ষিত ব্যক্তিয়ে লিখিত আৰু মুখ গ্ৰহণী অনৰ্গল প্ৰক্ষেপ কৰি আহিছে। কিন্তু কি· আৰএছএছ সন্দৰ্ভত তেওঁলোকে কোৱা কথাবোৰ সত্যনে· প্ৰকৃতাৰ্থত সত্যও নহয়, অসত্যও নহয়।

কথাবোৰ অন্ধই হস্তী দৰ্শনৰ লেখীয়াহে। আৰএছএছ আজি তেনে এক লিখিত গ্ৰহণীয়েই ‘অসমীয়া প্ৰতিদিন’ কাকতখনৰ সম্পাদকীয় পৃষ্ঠাত নিৰ্গত কৰিলে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আমোলা লক্ষ্মীনাথ তামূলীয়ে। তেওঁৰ ‘মিছন-১৩ আৰু সন্দৰ্ভত হিন্দুত্ববাদৰ প্ৰসংগৰে মৃত্যুৰ দুন্দুভি বাজে কাৰ বাবে’ শীৰ্ষক প্ৰবন্ধটোত আৰএছএছৰ বিৰুদ্ধে কেতবোৰ বিদ্বেষ পূৰ্ণ আৰু তথ্যহীন মন্তব্য প্ৰকাশ পাইছে। তেওঁ বোলে ৱাটছএপত কিবা মিছন ১৩ৰ বিষয়ে পঢ়িবলৈ পালে সেয়ে কাকতখনৰ সম্পাদকীয় পৃষ্ঠাই ভৰাই এহালিছা লিখিছে। তৌবা-তৌবা।

লক্ষ্মীনাথ তামুলীৰ দৰে এগৰাকী অৱসৰপ্ৰাপ্ত আমোলাই যদিহে বাগৰি অহা মেছেজৰ আলম লৈ আৰএছএছ সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰি ব্যাখ্যা আগবঢ়াবলৈ যায়, তেনেহ’লে ই কিমান মাৰাত্মক আৰু একপক্ষীয় এবাৰকৈও ভাবকচোন। তাৰমানে লক্ষ্মীনাথ তামুলীয়ে ইমানদিনে প্ৰকাশ কৰি অহা তেওঁৰ স্থিতি বা ব্যাখ্যা ৱাটছএপ ‘হেনো’, ‘হেতু’, ‘হ’ব পাৰে’ জাতীয় তথা (হ্ল) ই বুলিও আমি ভাবিবলৈ বাধ্য হৈছো।

আমিও ৱাটছএপত পাইছো বুলি যদি কওঁ– লক্ষ্মীনাথ তামুলী ভৱানী প্ৰকাশনৰ অদৃশ্য মালীক। তেওঁ শিক্ষা সচিব হৈ থাকোতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পাঠ্যপুথি মুদ্ৰণকে ধৰি অধিকাংশ কাম ভবানী প্ৰকাশনক প্ৰদান কৰিছিল। কিন্তু সেই ৱাটছএপ মেচেজৰ ওপৰত ভিত্তি কৰি আমিটো তেখেতক মূল্যায়ন বা অৱমূল্যায়ন কৰিবলৈ যোৱা নাই।

কিন্তু আৰএছএছ সন্দৰ্ভত তেওঁ এই স্থিতি কিয় প্ৰকাশ কৰিলে· আজিৰ তাৰিখত আৰএছএছক বুজিয়েই বা নুবুজিয়েই একাংশই গালি-গালাজ বা সমালোচনা কৰিব পাৰিলে প্ৰগতিশীল হিচাপে পৰিচয় লাভ কৰাৰ এক বদ্ধমূল ধাৰণা গঢ় লৈ উঠিছে। তৎসত্ত্বেও তামুলীয়ে উত্থাপন কৰা ১৩টা বিষয় আলোচনা কৰাৰ প্ৰয়াস কৰিম–

(১) ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰকেই বা নকৰক, ভাৰতবৰ্ষ ঐতিহাসিকভাৱে হিন্দু ৰাষ্ট্ৰই।

(২) সংঘৰ মুখ্য কাৰ্যালয় নাগপুৰতো গণৰাজ্য আৰু স্বাধীনতা দিৱসত ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়। অসম সাহিত্য সভাৰো নিজস্ব পতাকা আছে, সেয়ে সাহিত্য সভাই সমগ্ৰ দেশতে বা ৰাজ্যতে নিজস্ব পতাকাক স্বীকাৰ কৰোৱাবলৈ যোৱাৰ দৰে কথা।

(৩) যদি সকলো মুছলমানকে আৰবলৈ খেদি পঠিয়াব লাগে, তেন্তে এপিজে আব্দুল কালামক কিয় অটলজীয় দেশৰ সৰ্বোচ্চ পদত আসীন কৰোৱাইছিল।

(৪) ভাৰতীয় সংবিধান যদিও ব্ৰিটেইনৰ সংবিধানত গাত ভেজা দি অধিকাংশ অনুেচ্ছদ প্ৰণয়ন কৰা হৈছে, কিন্তু অধিকাংশ আইন-কানুনৰ ভিত্তি কিন্তু মনুস্মৃতি। ভাৰতত ৰামৰাজ্য স্থাপন নকৰি কি মোগল বা পাঠানৰ ৰাজ্য স্থাপন কৰিব লাগে।

(৫) মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা আজিকোপতি ভাৰত চৰকাৰ কিম্বা কোনো কতৃÇত্বশীল পক্ষই ঘোষণা কৰা নাই। ৰাষ্ট্ৰপিতা এক ভ্ৰান্ত ধাৰণাহে মাত্ৰ।

(৬) ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই একমাত্ৰ ভাৰতীয় অনুষ্ঠান, যাৰ জৰিয়তে জাত-পাত, দলিত, অস্পৃশ্যৰ স্থান নাই।

(৭) স্পেইনৰ দৰে মছজিদ আৰু মাদ্ৰাছাসমূহক মন্দিৰলৈ ৰূপান্তৰ কৰিব লাগে। তাৰ মানে শ্ৰীৰামচন্দ্ৰতকৈ বাবৰ ভাৰতভূমিলৈ আগতে আহিছিল আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’বই নালাগে।

(৮) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছ পৰা সম্প্ৰদায়ৰ আৰু ৰাষ্ট্ৰপতি কোবিন্দ দলিত সম্প্ৰদায়ৰ। দুয়ো স্বয়ংসেৱক আছিল।

(৯) শিখ আৰু আদিবাসীসকল সনাতন হিন্দু ধৰ্মাৱলম্বীয়েই। সেয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা বিষয়টো অমূলক।

(১০) ব্ৰাক্ষ্মণ এটা জাতি নহয়। ই এটা তত্ত্ব। যি ব্ৰক্ষ্মত্ব পাই সিয়ে ব্ৰাক্ষ্মণ। উদাহৰণ- মহৰ্ষি। ব্যাস, শক্তি, পৰাশৰ ইত্যাদি।

(১১) শিখ ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট অবিহনে দেখোন দেশৰ সেনা বাহিনীৰ কল্পনাই কৰিব নোৱাৰি। তেনেক্ষেত্ৰত এই ধাৰণা ভ্ৰান্ত।

(১২) ভাৰতৰ সংসদ গায়ত্ৰী মন্ত্ৰৰে আৰম্ভ কৰাৰ কথা কৈছে। যিখন দেশৰ নাগৰিকক বন্দে মাতৰম আৰু চিনেমা হলত ৰাষ্ট্ৰীয় সংগীত বজাৰ সময়ত থিয় হ’বলৈ কোৱাৰ বাবে আপোনালোকৰ দৰে ব্যক্তিয়ে সমালোচনা কৰি বিৰুদ্ধাচৰণ কৰে, সেই দেশৰ ৰাষ্ট্ৰীয়তা আৰু অখণ্ডতা সুস্থিৰ হৈ থাকিব কেনেকৈ·

(১৩) হিন্দু মহিলাক ধৰ্ষণ কৰাৰ সময়ত আপোনাৰ কলম নচলে কিয়· নে আপুনি মুছলমান মাতৃৰ গৰ্ভত স্থিতি লৈ আজিৰ চেক্যুলাৰ (হ্ল) লক্ষ্মীনাথ তামুলীটো হৈছেহি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here