চকীদাৰৰ প্ৰতি ভয় কিয় ?

মঞ্জিৰা ডেকা

হীৰেণ গোহাঁইদেৱে অভিযোগ কৰাৰ লেখিয়াকৈ যদি বহুকেইজন হিন্দু সংস্কাৰকৰ প্ৰভাৱত সংস্কাৰিত হোৱা হিন্দু ধৰ্মটো পুনৰ অতীতৰ দৰে গোড়া, কঠোৰ, অমানুষিক স্তৰলৈ নিবলৈকে মোদী ডাঙৰীয়াই প্ৰচেষ্টা চলালেহেঁতেন নেতৃত্বৰ মূল সেনাধ্যক্ষ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈ নামৰ আগত ‘চৌকিদাৰ’ শব্দটো জানো লিখিলেহেঁতেন, অনুগামীসকলকো জানো লিখালেহেঁতেন।

 

সমঅধিকাৰ, সমমৰ্যাদাৰ, শ্ৰমৰ মূল্য দিয়াৰ ইয়াতকৈয়ো জানো কিবা ডাঙৰ পৰিভাষা, মহত্ত্ব আছে। প্ৰতিহিংসাৰ জুই ব্ৰাহ্মণবাদীসকলৰ দলিতৰ উত্থানতকৈয়ো আচলতে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ আমোলত একশ্ৰেণীৰ মানুহৰ সমাজত বৰমানুহ বোলোৱা আভিজাত্যিক এটা ঢং গঢ় লৈ উঠিছিল। প্ৰধানমন্ত্ৰী হৈ মোদী ডাঙৰীয়াই সেইসকল লোকৰ অৱস্থা নাজল-নাথল কৰি পেলালে যেতিয়া নামৰ আগত চৌকিদাৰ লিখি অইন ৰথী-মহাৰথী সৈন্য-সামন্তসকলকো নামৰ আগত চৌকিদাৰ লিখিবলৈ বাধ্য কৰালে।

এইসকলৰ লোকৰ মনস্তত্বত এটা প্ৰভাৱ অৱশ্যেই পৰিছে– বাপৰে বাপ। প্ৰধানমন্ত্ৰী হৈ চৌকিদাৰ লিখিব হিম্মত হ’ল। সেইটোনো কম কথা নে আত্মলঘিমাৰ· সেয়ে সেইসকল লোকে পুনৰ আগৰ অৱস্থালৈ আহিবলৈ ৰাজবংশৰ নেহৰুৰ পৰা ইন্দিৰালৈকে পাৰ্যমানে টানি তোষণত ব্যস্ত। সেইবাবে বেলুনত পাম দি দি পৰিপক্ক বনাইহে এৰিব। বেচেৰা আমাৰ মোদী ডাঙৰীয়াৰো দুই-এটা গুণ দেখি মৰম অলপ কৰিবলৈয়ো ডাঙৰ বংশ নাই। যি কৰিছে নিজৰ ভৰিত থিয় হৈ ভুলে-শুদ্ধই নিজে আৰ্জি লোৱা জ্ঞানেৰে কৰিছে।

গম পালো বাৰু শংকৰদেৱৰ আগলৈকে অসমত অলপ জাতিভেদৰ প্ৰভাৱ কম হ’লেও ভাৰতৰ অন্যান্য প্ৰদেশত ব্ৰাহ্মণ্য হিন্দু ধৰ্মই এটা সময়ত জাতিভেদৰ কঠোৰ, গোড়া, অমানুষিক অত্যাচাৰ কৰি এটা শ্ৰেণীক শোষণ কৰি দাসত পৰিণত কৰি ৰাখিছিল। যাৰ পৰিণতিত তেওঁলোক সমাজত সদায় পিছপৰি থাকিল। সেই প্ৰতিশ্ৰুতি লৈয়ে নিয়োগকে আদি কৰি শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ’ল।

সেই সুবিধাও ৩৫য৪০ বছৰে হ’ল। কোনো এটা পুৰুষে কৰা ভুল বা পাপৰ প্ৰায়শ্চিত্য পিছৰ চাম প্ৰজন্মই যুগ যুগ ধৰি ভোগ কৰি থাকিব নেকি· তাৰ সংশোধন বা ক্ষমা নাই· আজি সংৰক্ষণ ব্যৱস্থাটো উপাৰ্জনৰ ভিত্তিত নহৈ জাতিৰ ভিত্তি হোৱা বাবে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষানুষ্ঠানত নাম ভৰ্তিকে আদি কৰি চাকৰি-বাকৰিৰ ক্ষেত্ৰত কিমান কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে।

সমাজে আওপকীয়াকৈ ভোগ কৰা নাইনে· সেই ব্যৱস্থাবোৰৰ সংশোধন কৰিবৰ হ’ল বুলি কিয় কোনো ডাঙৰ বুদ্ধিজীৱীৰ কলমৰ পৰা আজিলৈকে নোলায়· ব্ৰাহ্মণ্যবাদৰ দোহাই দি হিন্দু ধৰ্মটোক ৰেপি থাকিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here