সমালোচনাৰ নামত গভীৰ ষড়যন্ত্ৰঃ মোদী বিদ্বেষৰ ভয়ংকৰ ৰূপ

মৃণাল গোস্বামী

টাইম আলোচনীত মোদীক India’s Divider in Chief শিৰোনামেৰেবাতৰি উলিয়াইছে, তাক লৈ গান্ধী পৰিয়ালৰ তোষামোদকাৰী বুদ্ধিজীৱীসকলৰ ফূৰ্তিত তৎ নোহোৱা হৈছে। আটিছ তাছিৰে লিখা মূল লিখনীটো পঢ়ি বুজিলো এখেত আৰু আমাৰ থলুৱা বুদ্ধিজীৱী কেইজনে লিখাৰ মাজত পাৰ্থক্য একো নাই। দেশত অসহিষু্ণতা বৃদ্ধি পাইছে, সংখ্যালঘু অৰ্থাৎ মুছলিমসকলক অত্যাচাৰ কৰা হৈছে তাকে বুজাব খোজা হৈছে।

মুছলিম লোকসকলৰ মাজত মোদীৰ প্ৰতি নেতিবাচক চিন্তা ভৰাব খোজা হৈছে। কেব্ৰিজ পাছ নেহৰুক ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ দেশ কৰাৰ বাবে প্ৰশংসা কৰা হৈছে আৰু এইটোও  নউল্লেখ কৰিছে মোদী যে এজন চাহৱালাৰ ল’ৰা। আটিছ তাছিৰে মোদীক বেয়া পোৱা মূল কাৰণটো দেখুৱাইছে যে নেহৰুৱে দি যোৱা মুছলিমসকলৰ শ্বৰীয়ত আইনৰ দ্বাৰা তিনি তালাক অধিকাৰটো মোদীয়ে উঠাই দিছে, তিন তালাক দি বিবাহ বিেচ্ছদ কৰিলে জেলত সোমোৱাৰ ব্যৱস্থা কৰাৰ বাবে ক্ষুণ্ণ তেওঁ।

পিছে তিন তালাক বিশ্বৰ বহু দেশতে যে নিষিদ্ধ সেয়া তেওঁ নক’লে। ৰাম মন্দিৰৰ কথা ক’বলৈ গৈ তেওঁ ৰামক হিন্দুসকলৰ ৰূপ কথাৰ নায়কহে সাজিলে, হিন্দুৱে যে ৰামক  ভগৱান মানে সেয়া ক’বলৈও তেওঁ কুণ্ঠাবোধ কৰিলে। তাতেই বুজা যায় তেওঁৰ মানসিকতা কি। যি বুজিছো নিৰ্বাচনৰ মাজতে আলোচনীখনে তেওঁলোকৰ  চাৰ্কুলেচন বঢ়াবলৈ মোদীক লৈ এনেকুৱা বেটুপাত দি তেওঁলোকৰ এছিয়া সংস্কৰণত এই লিখনীটো উলিয়াইছে। কাৰণ পাকিস্তান, ভাৰত, বাংলাদেশৰ বহু লোক মোদীক লৈ উদ্বিগ্ন, এনে এটা লিখনীৰে তেওঁলোকৰ বিক্ৰী বৃদ্ধি কৰিব।

উল্লেখযোগ্য যে এই আটিছ তাছিৰ পাকিস্তানী ৰাজনৈতিক নেতা তথা ব্যৱসায়ী চলমান তাছিৰৰ পুত্ৰ। সেই একেটা সংস্কৰণতে আৰু এটা লিখনী ওলাইছে মোদীক লৈ, Modi is the India’s best hope for economic reform শীৰ্ষক লিখনী লিখিছে Ian Bremmer এ তাত আকৌ মোদীৰ অৰ্থনৈতিক সংস্কাৰক ভূয়সী প্ৰশংসা কৰিছে। অৰ্থাৎ একেখন আলোচনীয়ে একেটা সংস্কৰণতে মোদী বিৰোধী আৰু মোদী সমৰ্থক সকলোৰে মাজত চাৰ্কুলেচন পাইছে।

এয়াই আমেৰিকান ব্যৱসায়িক বুদ্ধি। কিন্তু হাঁহি উঠা কথা এইটোহে যে আমেৰিকাক পুঁজিপতিৰ দেশ গালি পাৰি থকা আমাৰ বাওঁপন্থী বুদ্ধিজীৱীসকলে এতিয়া আমেৰিকাৰ পুঁজিপতি মালিকৰ টাইম মেগাজিনখনকে সাৰথি কৰি সেয়া গীতাৰ বাণীৰ দৰে প্ৰচাৰ কৰি থকা কথাটোহে।

যেন সেয়া কোনোবা মেগাজিনত ওলোৱা নাই স্বৰ্গৰ পৰাহে ভগৱানে আকাশ বাণী কৰিলে যে মোদীয়ে ভাৰতক ভাগ ভাগ কৰিলে। ভাৰত পাকিস্তান ভাগ কৰা নেহৰু তেওঁলোকৰ বাবে এতিয়া ধোৱা তুলসী পাত, ভগৱান হ’ল। মোদীক best economic reformer কোৱা কথাটো নেদেখিলে তেওঁলোকে, উপাই নাই যাৰ য’ত চক।  

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here