সংখ্যালঘু আৰু নিৰপেক্ষতাৰ ৰাজনীতি

হিতেশ্বৰ শৰ্মা

ভাৰতীয় হিন্দুৰ জাগৰণ মুছলমানৰ বিৰুদ্ধে কেতিয়াও নহয়। মুছলমানক ঘৃণা কৰাহেঁতেন হিন্দু মহাসভাই সৌ তাহানিতে মুছলিম লীগৰ লগত কেতিয়াও মিত্ৰতা কৰি কংগ্ৰেছক নিৰ্বাচনত প্ৰত্যাহবান নজনালেহেঁতেন। আজি ভাৰতৰ হিন্দু জাগৰণ হৈছে, এক ভণ্ড নিৰপেক্ষতাবাদৰ বিৰুদ্ধে, নিজকে নিৰপেক্ষ দেখুৱাই ধৰ্মীয় গোড়ামিক কৰা সমৰ্থনৰ বিৰুদ্ধে, উগ্ৰ মৌলবাদৰ বিৰুদ্ধে।

মুছলমানৰ প্ৰতি ঘৃণাৰ কথা আহি নপৰে। ২০০৪ চনত ইউ পি এ চৰকাৰ গঠন হৈছিল। সেইবাৰ মনমোহন সিঙে বিপুলসংখ্যক মুছলমানৰ সমৰ্থনৰ বাবেহে চৰকাৰ গঠন কৰিব পাৰিছিল বুলি কোৱা হৈছিল। মুছলমানসকলৰ শিক্ষা, আৰ্থ-সামাজিক উন্নয়নৰ সবিশেষ জনাৰ বাবে ৰাজিন্দৰ ছচাৰ নেতৃত্বত এখন কমিটী গঠন কৰি বিষয়টো চালি জাৰি চাবলৈ নিৰ্দেশ দিয়ে।

“শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে ৬৬% ছাত্ৰ-ছাত্ৰী চৰকাৰী স্কুলত পঢ়ে যদিও মূলসুঁতিৰ স্কুলীয়া শিক্ষাতকৈ মোক্তাব বা মাদ্ৰাছাৰ প্ৰতি বেছি আগ্ৰহী, য’ত ধৰ্মীয় শিক্ষাত বেছি গুৰুত্ব দিয়ে।”

কমিটীৰ প্ৰতিবেদনত বহু কথাই পোহৰলৈ আহে। প্ৰতিবেদনত কয় যে মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আন পিছপৰা সম্প্ৰদায়ৰ তুলনাত বহুত বেছি। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে ৬৬% ছাত্ৰ-ছাত্ৰী চৰকাৰী স্কুলত পঢ়ে যদিও মূলসুঁতিৰ স্কুলীয়া শিক্ষাতকৈ মোক্তাব বা মাদ্ৰাছাৰ প্ৰতি বেছি আগ্ৰহী, য’ত ধৰ্মীয় শিক্ষাত বেছি গুৰুত্ব দিয়ে। দুখজনকভাৱে ২০ বছৰৰ ওপৰৰ কেৱল সাত শতাংশ মুছলমান স্নাতক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰে।

সেয়েহে চৰকাৰী উচ্চ পদস্থ বিষয়াসমূহৰ মাজত কেৱল চাৰি শতাংশ মুছলিমে দখল কৰিবলৈ সক্ষম হয়। কমিটীৰ প্ৰতিবেদনখনত আন এক কথা পোহৰলৈ আহিছিল যে মুছলমান অধ্যুষিত অঞ্চলসমূহত থকা মুছলমানৰ আৰ্থ-সামাজিক দিশটো অতি শোচনীয়। তাৰ বিপৰীতে যিবোৰ অঞ্চলত হিন্দু মুছলমান মিশ্ৰিত হাৰত বসবাস কৰে তাত মুছলমানৰ জীৱন ধাৰণ বহুত উন্নত।

যদি সেয়াই সঁচা তেনেহ’লে মুছলিম অধ্যুষিত অঞ্চলত ৰাষ্ট্ৰীয় উন্নয়নমূলক আঁচনিয়ে কিয় ঢুকি পোৱা নাই· স্বাধীনতাৰ ৬০ বছৰ পাছতো আজিও সংখ্যালঘু সম্প্ৰদায়ৰ বিকাশৰ শ্ল’গানত ৰাজনীতি কৰাৰ থল কিয় থাকে· ভাৰতীয় সংখ্যালঘুৰ অনগ্ৰসৰতাৰ কাৰণ কি· ইয়াৰ বাবে কোন জগৰীয়া· ভাৰত চৰকাৰ· হিন্দু সকল· নে সংখ্যালঘু মুছলমানসকল নিজেই· আচৰিতভাৱে আন আন ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত যেনে বৌদ্ধ, শিখ, খ্ৰীষ্টান, জৈন আদিৰ ক্ষেত্ৰত ইমান অনগ্ৰসৰতা দেখা পোৱা নাযায়।

এটা কথা প্ৰায়েই উত্থাপন কৰে যে ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত সংখ্যালঘু মুছলমানৰ সঠিকভাৱে প্ৰতিনিধিত্ব হোৱা নাই সেয়েহে মুছলিমখিনিৰ উন্নয়নৰ গতি মন্থৰ। এই কথা লৈ ২০০৮ চনত এখন ৰাজহুৱা সভাত দিগি্বজয় সিঙে নৰেন্দ্ৰ মোদীক ৰাজহুৱাভাৱে প্ৰশ্ন কৰিছিল, ‘আপোনাৰ পাৰ্টিত কিমানজন মুছলমানক টিকট দিছে· মোৰ এই প্ৰশ্নটোৰ কাৰণ হ’ল মুছলমানৰ প্ৰতিনিধিত্ব’ তাৰ উত্তৰত কোৱা কথাষাৰত মোদীয়ে এটা অতি গুৰুত্বপূৰ্ণ বিষয় চুই গৈছিল।

তেওঁ কয়, ‘ভাৰতীয় কিছুমানৰ এই মানসিকতাৰ মই বিৰোধিতা কৰো। সদনত কোন ধৰ্মৰ কিমানে প্ৰতিনিধিত্ব কৰিছে তাৰ ভিত্তিত (নিৰপেক্ষ বা উন্নয়ন) নিৰ্ণয় হ’ব নেকি· আজিও মোৰ সদনত গুজৰাটৰ চাৰিজন মুছলিম এম এল এ আছে (কংগ্ৰেছৰ হ’লেও মোৰ ৰাজ্যৰ এম এল এ)। ভাৰতত হিন্দু মুছলমান এনেকুৱা ধৰণৰ বিভাজন কিয়? যি কোনো নাগৰিকৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। সেয়াও কি, ধৰ্মৰ ভিত্তিত নিৰ্ণয় কৰিব লাগিব· মোদীৰ এই যুক্তিৰ বিপৰীতে কংগ্ৰেছৰ  দিগি্বজয় সিঙে বিশেষ আকৰ্ষণীয় উত্তৰ দিব নোৱাৰিলেও এটা কথা স্পষ্ট হ’ল যে মোদীৰ বক্তব্য ধৰ্মীয় সাম্প্ৰদায়িক চিন্তাৰ উধৰ্বত কিন্তু দিগি্বজয় সিঙৰ দৰে বহুতো ৰাষ্ট্ৰীয় নেতা এতিয়াও জিন্নাৰ ধাৰণাত আক্ৰান্ত।

জিন্নাৰ দেশ বিভাজনৰ সময়ৰ ধাৰণাৰ পৰা এতিয়াও বহুতেই মুক্ত হ’ব পৰা নাই। মুছলিম লীগেও দেশ বিভাজনৰ সময়ত একেই যুক্তিৰে পাকিস্তান গঠন কৰিছিল। সেই সময়ত জিন্নাৰ যুক্তি আছিল, ‘মুছলমানৰ উন্নয়ন হিন্দুৰ তলত থাকি হ’ব নোৱাৰে, সেয়েহে মুছলমানৰ বাবে পৃথক প্ৰতিনিধিত্বৰ প্ৰয়োজন আছে। ’ জিন্নাৰ এই ধাৰণাৰ বিপৰীতে থিয় দি সেই সময়ৰ বহুতো মুছলমান নেতাই (মৌলনা আজদ, জাকিৰ হুছেইন, খান আব্দুল গফ্ফৰ খান আদি) ভাৰত ৰাষ্ট্ৰ নিৰ্মাণত নিজৰ সৰ্বোচ্চ উজাৰি দিছিল। আজিৰ দিনত কেন্দ্ৰই হওক বা ৰাজ্যই হওক সংখ্যালঘুৰ উন্নয়নৰ বাবে বহুসংখ্যক আঁচনি ৰূপায়ণ কৰি আছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here