আকৌ এবাৰ মোদী চৰকাৰ

আকৌ এবাৰ মোদী চৰকাৰ


দেশৰ দল নিৰ্বাচনৰ হৈ যোৱা কাৰ্যসূচীৰ সময়ত বিজেপি আৰু সহযোগী দলে বৰ্তমানৰ সুযোগ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকেই পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচৰা নাই। তাৰ বিপৰীতে প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী তথা এনচিপি দলৰ নেতা মহাৰাষ্ট্ৰৰ শাৰদ যাদেৱ প্ৰস্তাৱ কৰিছে তিনিটা নাম। সেই কেইজন হ’ল অন্ধ্ৰৰ চন্দ্ৰবাবু নাইডু, উত্তৰ প্ৰদেশৰ মায়াৱতী আৰু পশ্চিমবঙ্গৰ মমতা বেনাৰ্জী। শাৰদ পাৱাৰে যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, সেইবাবে তেওঁৰ নামটো বাদ দিছে।

শাৰদ পাৱাৰে যিকেইজন ব্যক্তিৰ নাম প্ৰধানমন্ত্ৰী পদৰ বাবে দাঙি ধৰিছে, সেইকেইজনৰ তুলনাত ৰাজনৈতিক অভিজ্ঞতা আৰু দক্ষতাৰ পিনৰ পৰা তেওঁৰ ব্যক্তিত্বহে বেছি গ্ৰহণ যদিও তেওঁ নিজকে আঁতৰাই ৰাখিছে। শাৰদ পাৱাৰৰ মনে খোৱা ব্যক্তি তিনিগৰাকীৰ ভিতৰৰে চন্দ্ৰবাবু নাইডু প্ৰশাসনীয় দক্ষতা আৰু ৰাজনৈতিক বুদ্ধিমত্তাৰ পিনৰ পৰা এগৰাকী সুনিপুণ ৰাজ্যিক পৰ্যায়ৰ নেতা হ’লেও তেওঁ দেশৰ প্ৰধানমন্ত্ৰী পদৰ বাবে সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়।

আনহাতে মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী পদৰ বাবেই যোগ্য বুলিব নোৱাৰি। এনে স্থলত তেওঁক ভাৰতৰ দৰে এখন মহান দেশৰ প্ৰধানমন্ত্ৰীৰ দৰে অতি গুৰুত্বপূৰ্ণ পদ অধিষ্ঠিত কৰাটো ভাবিব নোৱাৰি। তৃতীয়গৰাকী ব্যক্তি মায়াৱতীয়ে মুখ্যমন্ত্ৰীৰ পদত বহিয়েই যেনেদৰে নকৰিবলগীয়া কাম কৰি আৰু নক’বলগীয়া কথা কৈ যি তিক্ততা সৃষ্টি কৰিলে, তাকে চাই তেওঁ প্ৰধানমন্ত্ৰীৰ পদত বহিলে দেশখনত যে চৰম বিশৃংখলতাৰ সৃষ্টি কৰিব সেইটো নিশ্চিত। আমাৰ দেশত অতীতত বৰ্ণ প্ৰথাৰ কাৰণেই নিম্নতম বৰ্ণৰ লোকসকলক অনাদৃত আৰু লাঞ্ছিত কৰি ৰাখিছিল।

“প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ অতি সাধাৰণ মানুহ এজনৰ পৰা অহা যিকোনো আবেদনৰ প্ৰতিও অতি আগ্ৰহেৰে দৃষ্টি নিক্ষেপ কৰি ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন দিশৰ পৰা নিৰপেক্ষভাৱে বিচাৰ কৰি বৰ্তমান পৰিস্থিতিত ভাৰতৰ বাবে নৰেন্দ্ৰ মোদীৰ লগত ফেৰ মাৰিব পৰা কোনোবা নেতা আছে বুলি ভাবিব নোৱাৰি।”

কিন্তু বৰ্ণ প্ৰথাৰ বিৰুদ্ধে ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, স্বামী বিবেকানন্দ আৰু মহাত্মা গান্ধীৰ দৰে উচচ বৰ্ণৰ মহান ব্যক্তিসকলে যেনেধৰণৰ সংগ্ৰাম চলাইছিল, তাৰ বিপৰীতে ফুলে, ড০ আম্বেদকাৰ আৰু কালীৰাম প্ৰমুখ্যে তথাকথিত নিম্ন বৰ্ণৰ নেতাসকলে বৰ্ণ বিদ্বেষ দৃঢ়তৰ কৰিবৰ কাৰণে যেনেধৰণৰ তিক্ততাপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিলে, তাৰ কাৰণে এই লোকসকলক উচ্চ মৰ্যাদাৰে বিভূষিত কৰিব নোৱাৰি।

আনহাতে সমাজবাদী আন্দোলনৰ নাম লৈ আৰু জয়প্ৰকাশ নাৰায়ণ আৰু ড০ ৰাম মনোহৰ লোধিয়াৰ আদৰ্শ আৰু দৰ্শনৰ কথা আওৰাই লালুপ্ৰসাদ যাদৱ, মূলায়েম সিং যাদৱ আদি নেতাসকলে যেনেধৰণৰ কথা আওঁৰাবলৈ ধৰিলে তালৈ চাই এই লোকসকলৰ এজনো ৰাষ্ট্ৰ নেতা হিচাপে স্বীকৃতি লাভৰ অযোগ্য।

যিহেতু কংগ্ৰেছ দলে ৰাহুল গান্ধী অথবা প্ৰিয়ংকা গান্ধীক ভাবী প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নাই, সেয়েহে বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৰৈছেগৈ বিজেপি দলৰ অবিসম্বাদী নেতা আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিগত কাৰ্যকালছোৱাত নৰেন্দ্ৰ মোদীয়ে এগৰাকী সুদক্ষ প্ৰধানমন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি সৰহ সংখ্যক দেশবাসীৰ শ্ৰদ্ধা অৰ্জন কৰাৰ লগতে পৃথিৱীৰ সৰহসংখ্যক ৰাষ্ট্ৰনেতাৰ প্ৰশংসা আৰু শ্ৰদ্ধা অৰ্জন কৰিবৰ কাৰণে সমৰ্থ হৈছে।

বিগত কালছোৱাত বিশ্বৰ প্ৰধান প্ৰধান কেউখন দেশ ভ্ৰমণকৰণৰ লগতে ভালেসংখ্যক ক্ষুদ্ৰ আৰু সাধাৰণ ৰাষ্ট্ৰ ভ্ৰমণ কৰি নিজৰ ব্যক্তিত্ব আৰু ভাৱমূৰ্তি বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সমৰ্থ হৈছে। নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত দেশৰ কাৰণে যিটো চমকপ্ৰদ কাম সম্পাদন কৰিছে, সেইটো হৈছে তেওঁৰ উজ্জ্বল ভাৱমূৰ্তিৰে দেশক এখন আপেক্ষিকভাৱে নিকা চৰকাৰ দিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ অতি সাধাৰণ মানুহ এজনৰ পৰা অহা যিকোনো আবেদনৰ প্ৰতিও অতি আগ্ৰহেৰে দৃষ্টি নিক্ষেপ কৰি ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন দিশৰ পৰা নিৰপেক্ষভাৱে বিচাৰ কৰি বৰ্তমান পৰিস্থিতিত ভাৰতৰ বাবে নৰেন্দ্ৰ মোদীৰ লগত ফেৰ মাৰিব পৰা কোনোবা নেতা আছে বুলি ভাবিব নোৱাৰি।

দক্ষতা, সততা, তীব্ৰগতিশীলতা আৰু জনপ্ৰিয়তা এই আটাইবোৰ গুণেৰে বিভূষিত নৰেন্দ্ৰ মোদীয়েই পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাটোৱেই হৈছে সমগ্ৰ দেশবাসীৰ বাবে অতি আনন্দ আৰু সুখৰ কথা।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here