নৰেন্দ্ৰ মোডীৰ মাতৃ ভক্তি

প্ৰাগ ডেস্কঃ বিশ্ব বৰেণ্য নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ্বাৰ ১৭ সংখ্যক লোকসভাৰ নিৰ্বাচনত নেতা হিচােপ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে।এই অভূত-পূৰ্ব বিজয়ৰ পিচতো কিন্তু নেতাগৰাকীক অহং ভাবে তিলমানো স্পৰ্শ কৰিব পৰা নাই। বিজয়োৎসৱৰ পিচতে বিজেপিৰ বৰ্ষীয়ান নেতা মূৰুলী মনোহৰ যোষী, লালকৃষ্ণ আদৱানী আদিৰ আশীৰ্বাদ গ্ৰহণৰ পিচতে তেওঁ ৰাওণা হয় গুজৰাটলৈ।

শপত গ্ৰহণৰ পূৰ্বে তেওঁ নিজৰ ৰাজ্যবাসীৰ আশীৰ্বাদ গ্ৰহণ কৰিব বিচাৰে।মোডীৰ মতে, এইবাৰৰ দায়িত্ববোধ পূৰ্বতৈকও অধিক হ’ল । ২০১৪ ৰ ২৮২ খন আসনৰ বিপৰীতে এইবাৰ দেশৰ জনতাই ৩০৩ খন আসন বিজেপিক দিয়াৰ লগেলগেই এই দায়িত্ব তুলনামূলকভাৱে আৰু বৃদ্ধি পালে।এই গুৰুদায়িত্ব গ্ৰহণৰ পূৰ্বে মোডীয়ে ৰাজ্যবাসী তথা মাতৃ হীৰাবেনৰ আশীৰ্বাদ লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে।ভাতৃ পংকজ মোডীৰ সৈতে থকা ৯৮ বছৰীয়া মাতৃ হীৰাবেনক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায়েই লগ কৰে যদিও এইবাৰৰ কাৰ্যসূচীৰ কিন্তু এক সুকীয়া উদ্দেশ্য আছে।এক বৃহৎ দায়িত্ব গ্ৰহণৰ পূৰ্বে আশীৰ্বাদ প্ৰাপ্তি।

মোডীৰ এই মাতৃভক্তি আমাৰ সমাজত ক্ৰমশঃ ঘটা বস্তুবাদী চিন্তা-চৰ্চা তথা স্খলনৰ ধামখুমীয়াত পিতৃ-মাতৃক অৱহেলা-অনাদৰ কৰা যুৱ সমাজৰ বাবে এক অনুকৰণীয় উপমা হ’ব পাৰে, হোৱা উচিত। 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here