ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছা

নিউজ ডেস্কঃ অসমৰ দুখন ৰাজ্যসভাৰ আসনত হ’বলগা নিৰ্বাচনৰ বাবে মঙলবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত কেৱল দুজন প্ৰাৰ্থীয়েহে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত নিৰ্বাচনী বিষয়া অমৰেন্দ্ৰ নাৰায়ণ ডেকাৰ ওচৰত অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰা দুয়োগৰাকী প্ৰাৰ্থী বিজেপি মিত্ৰজোঁটৰ। সম্প্ৰতি বিধানসভাত বিজেপি মিত্ৰজোঁটৰ অগপ-বিপিএফ সামৰি মুঠ ৮৮ জন বিধায়ক আছে। ইয়াৰে এখন আসনত বিজয়ী হ’বলৈ কমেও ৪৩ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। চৰকাৰী পক্ষৰ প্ৰয়োজনীয় বিধায়ক থকাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বিধায়কৰ অভাৱ। সেয়েহে বিৰোধীয়ে প্ৰাৰ্থী অৱতীৰ্ণ নকৰালে। যাৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাৰ পিছত আৰু প্ৰত্যাহাৰৰ অন্তিম দিন পাৰ হোৱাৰ পিছত যদিহে দুয়োজন প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্ৰ বৈধ হৈ তেন্তে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত। মনোনয়ন দাখিল হোৱাৰ সময়ত স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী সভাৰ সদস্য আৰু মিত্ৰজোঁটৰ বিধায়কসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here