শপত গ্ৰহণৰ পূৰ্বে প্ৰণৱ মুখাৰ্জীৰ আশীষ ল’লে প্ৰধানমন্ত্ৰী মোডীয়ে

নিউজ ডেস্ক, নতুন দিল্লীঃ কাইলৈ শপত গ্ৰহণ কৰিবলগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ গঠনৰ প্ৰাক্ক্ষণত মঙলবাৰে বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আশীষ ল’লে মোডীয়ে। নতুন দিল্লীত থকা মুখাৰ্জীৰ আৱাসগৃহত সাক্ষাৎ কৰি মোডীয়ে নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰাক্ক্ষণত পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰে। দুয়োজনে একেলগে উঠা এখন ফটো মোডীয়ে নিজৰ টুইটাৰত প্ৰকাশ কৰে। এই সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰণৱ মুখাৰ্জী প্ৰকৃততে এগৰাকী দেশ নিৰ্মাতা। তেওঁৰ সাক্ষাৎ পালে প্ৰতিবাৰেই নতুন জ্ঞান আৰু অভিজ্ঞতা আহৰণ কৰিব পাৰি। সেয়েহে এই সাক্ষাৎবোৰ অতুলনীয় হৈ থাকে। উল্লেখ্য যে কংগ্ৰেছৰ নেতা হ’লেও মুখাৰ্জীক মোডী চৰকাৰে যোৱা গণৰাজ্য দিৱসৰ প্ৰাক্ক্ষণত ভাৰতৰত্ন সন্মানৰ বাবে বাছনি কৰিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here