নিউজ ডেস্কঃ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত নিজৰ অসহযোগিতা আৰু অপমানমূলক স্থিতি সলনি কৰিলে মমতাই। প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন এনডিএ মৰ্চাৰ নতুন চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ ইংগিত দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কাইলৈ হ’বলগা ৰাষ্ট্ৰপতি ভৱনত মোডী মন্ত্ৰীসভাই শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’বলৈ দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে।
লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পশ্চিমবংগ ৰাইজৰ সমৰ্থন পূৰ্বৰ হেৰুৱাৰ ফলত বিজেপিয়ে ওঠৰখন আসনত জয়লাভ কৰি পশ্চিমবংগত জনপ্ৰিয়তা অৰ্জন কৰিছে। ফলত বাধ্যত পৰি মমতা বেনাৰ্জীয়ে মোডী চৰকাৰৰ সৈতে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈ পৰিছে মমতা। মমতা বেনাৰ্জীৰ এই স্থিতিয়ে পশ্চিমবংগৰ লগতে দেশৰ বিৰোধী শিৱিৰটো বিশেষভাৱে সৰৱ চৰ্চিত হৈ পৰিছে।
Facebook Comments