
নিউজ ডেস্ক, মহানগৰঃ অসম চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ নতুন প্ৰকল্প ‘ডিচ্কভাৰী অব্ আছাম’সম্পৰ্কত মঙলবাৰে জনতা ভৱনত থকা ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপ-সভাপতি দীপক কুমাৰ বৰঠাকুৰৰ কাৰ্যালয়ৰ সভাকক্ষত এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনা মৰ্মে উপ-সভাপতিগৰাকীয়ে ৰাজ্যখনৰ সু-প্ৰশাসন তথা উদ্ভাৱনৰ জৰিয়তে কৰা ৰূপান্তৰৰ ক্ষেত্ৰত আয়োগৰ ভূমিকা সম্পৰ্কে কিছুমান বিষয়ক নীতি নিৰ্ধাৰণ কৰে।
ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত হ’বলগীয়া উন্নয়নমূলক কাম-কাজসমূহ প্ৰদৰ্শন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। গোলকীয় আৰু স্থানীয় প্ৰেক্ষাপটত ঐতিহাসিক পটভূমিৰে সাংস্কৃতিক আৰু নৃ-গোষ্ঠীয় বৈচিত্ৰ্যতা তথা পৰম্পৰা মূল্যবোধক পৰ্যটন ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰামৰ্শ অনুসৰি এই প্ৰকল্পৰ নাম ‘ডিচ্কভাৰী অব্ আছাম’ নামেৰে নামাকৰণ কৰা হয়। প্ৰধানতঃ এই প্ৰকল্প অসমত এক তথ্য ব্যৱস্থাপনা যিটো GIS Web Portal-ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।
পৰ্টেলৰ মূল লক্ষ্য-উদ্দেশ্যে হৈছে তথ্য সংগ্ৰহ আৰু প্ৰচাৰৰ জৰিয়তে পৰ্যটক আৰু বিনিয়োগকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰি যাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ পৰ্যটন ক্ষেত্ৰ আৰু সংস্কৃতি তথা¸ ঐতিহ্যসমূহ সঠিক দিশত দাঙি ধৰিব পাৰি। এই পৰ্টেলৰ জৰিয়তে সঠিক তথ্য আহৰণ কৰি অসমৰ ব্যৱসায়িক ক্ষেত্ৰ, ৰাজহুৱা কাম-কাজ, যাতায়ত ব্যৱস্থা, প্ৰাকৃতিক সম্পদ, সম্পদ ব্যৱস্থাপনা, পৰিকল্পনা আৰু উন্নয়ন ইত্যাদি সম্পৰ্কে অতি সহজেই উপলব্ধ হ’ব।
আলোচনাচক্ৰখনিত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদৰ প্ৰতিনিধি, উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ বহুকেইগৰাকী বিষয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।