ৰাহুল গান্ধীৰ নেতৃত্বত ৫০ বছৰেও ক্ষমতালৈ নাহে কংগ্ৰেছঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,মহানগৰঃ ”কংগ্ৰেছৰ সভাপতিৰ পদত ৰাহুল গান্ধী যেতিয়ালৈকে অধিষ্ঠিত হৈ থাকিব তেতিয়ালৈকে বিজেপিয়ে দেশৰ ক্ষমতা হেৰুৱাব নালাগে। গতিকে আগন্তুক ৫০ বছৰ যদি ৰাহুলে নেতৃত্ব দিয়ে তেনেহ’লে কংগ্ৰেছে ৫০ বছৰলৈ দেশৰ ক্ষমতা দখল কৰিব নোৱাৰে।’’ এই মন্তব্য নেডাৰ আহবায়ক তথা অসমৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

মঙলবাৰে অসম বিধানসভাৰ চৌহদত ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়, ৰাহুল গান্ধীয়ে দেশক নেতৃত্ব দিয়াটো দূৰৰ কথা এখন ৰাজ্যৰে নেতৃত্ব দিব নোৱাৰে। বংশানুক্ৰমিক সুযোগেৰে দলৰ শীৰ্ষ পদ ল’লেও ভাৰতৰ জনগণ এতিয়াও ৰাহুল গান্ধীক নেতা হিচাপে স্বীকাৰ কৰা নাই।

এসময়ত কংগ্ৰেছৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক একাধিকবাৰ সাক্ষাৎ কৰিবলৈ গৈ বিতৰ্কিত পৰিস্থিতি আৰু অৱহেলাৰ সন্মুখীন হৈছিল। ৰাজ্যসভাৰ অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ হৈ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থকা হিমন্ত বিশ্বই সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীক কঠোৰ ভাষাৰে এনেদৰে সমালোচনা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here