পশ্চিমবংগত বিজেপিত যোগদানৰ উজানঃ অস্বস্তিত মমতাৰ চৰকাৰ

নিউজ ডেস্ক,কলকাতাঃ দলৰ কি নীতি-আদৰ্শক চাবলৈ যেন সময় নাই এতিয়া কাৰোৰে। পশ্চিমবংগত বিভিন্ন দলৰ বিধায়ক, নিকাই-নিগমৰ প্ৰতিনিধি আৰু নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰিবলৈ লাগিছে এতিয়া হেতাওপৰা। ২০২০ চনত অনুষ্ঠিত হ’বলগা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত বিজেপিয়ে ক্ষমতা হস্তগত কৰাৰ পথ সুগম হৈ পৰিছে।

তৃণমূল কংগ্ৰেছৰ দুজন বিধায়কৰ লগতে কংগ্ৰেছ আৰু চিপিএমৰ এজনকৈ বিধায়ক আৰু অন্য অৰ্ধশতাধিক নিকাই-নিগমৰ নিৰ্বাচিত পাৰিষদে নিজৰ দল এৰি বিজেপিত যোগদান কৰাৰ বিষয়টো এতিয়া দেশজুৰি চৰ্চিত হৈ পৰিছে। তৃণমূলৰ এজন বিধায়ক শুভ্ৰাংশু ৰয়। তেওঁ মমতা বেনাৰ্জীৰ এসময়ৰ অতিকে ঘনিষ্ঠ তথা প্ৰাক্তন ৰেলমন্ত্ৰী মুকুল ৰয়ৰ পুত্ৰ।

“বিজেপিত অন্যান্য দলৰ বিধায়ক আৰু নিৰ্বাচিত পাৰিষদৰ যোগদানৰ সম্পৰ্কত দলটোৰ ৰাজ্যিক সম্পাদক কৈলাস বিজয়ভাৰ্গিয়াই কয়, দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন পশ্চিমবংগত সাতটা পৰ্যায়ত সমাপ্ত হৈছিল। গতিকে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী-বিধায়ক আৰু নেতাসকলে বিজেপিত সাতটা পৰ্যায়ত যোগদান কৰিব।”

ইফালে কংগ্ৰেছৰ বিধায়কজন হ’ল তুষাৰ কান্তি ভট্টাচাৰ্য আৰু চিপিএমৰ বিধায়কজন নাম দেৱেন্দ্ৰ নাথ ৰয়। বিজেপিত অন্যান্য দলৰ বিধায়ক আৰু নিৰ্বাচিত পাৰিষদৰ যোগদানৰ সম্পৰ্কত দলটোৰ ৰাজ্যিক সম্পাদক কৈলাস বিজয়ভাৰ্গিয়াই কয়, দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন পশ্চিমবংগত সাতটা পৰ্যায়ত সমাপ্ত হৈছিল। গতিকে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী-বিধায়ক আৰু নেতাসকলে বিজেপিত সাতটা পৰ্যায়ত যোগদান কৰিব। আৰু তাৰেই প্ৰথমটো পৰ্যায় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

বিজেপি নেতাজনে কয় ২০২০ চনত অনুষ্ঠিত হ’বলগা বিধানসভাৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ সম্পূৰ্ণকৈ ধূলিসাৎ হ’ব আৰু বিগত সময়চোৱাত দলটোৱে বিৰোধী দলৰ ওপৰত চলোৱা অত্যাচাৰ আৰু নিৰ্যাতনৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে ৪০ জন তৃণমূলৰ বিধায়কে তেওঁৰ সৈতে যোগাযোগ কৰিছে আৰু বিজেপিত যোগদানৰ বাবে আগ্ৰহ দেখুৱাইছে।

মোডীৰ ঘোষণাক নসাৎ কৰিলেও ২০১৪ চনত মাত্ৰ দুটা সমষ্টিত বিজয়ী হোৱা গেৰুৱা দলটোৱে চলিত নিৰ্বাচনত ১৮ টা সমষ্টিত বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে পূৰ্বে ৩৪ টা সমষ্টিত বিজয়ী হোৱা তৃণমূল কংগ্ৰেছে এইবাৰ মাত্ৰ ২২ টা সমষ্টিতহে নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাবলৈ সক্ষম হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here