কাইলৈ শপতগ্ৰহণঃ মোডীৰ নতুন মন্ত্ৰীসভাত কোনে কোনে পাব কি কি স্থান !

নিউজ ডেস্কঃ দেশৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। শপতগ্ৰহণ অনুষ্ঠানত মোদীৰ লগতে বহুকেইগৰাকী মন্ত্ৰীয়েও শপত লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মোদীৰ শপত গ্ৰহণৰ কৰাৰ পূৰ্বে মোডীৰ মন্ত্ৰীসভাত কোন কোন ৰাজনৈতিক নেতাই মন্ত্ৰীসভাত স্থান লাভ কৰিব তাক লৈ সকলোৰে মাজত সৰৱ চৰ্চা লাভ কৰিছে। ইয়াৰ মাজতে বুধবাৰে নৰেন্দ্ৰ মোডীক অমিত শ্বাহে সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়। দিল্লীৰ ৭ লোক মাৰ্গত দুয়োজন নেতাই কাক কি মন্ত্ৰীত্ব দিয়া হ’ব আৰু কি মন্ত্ৰালয় অৰ্পন কৰা হ’ব এই বিষয়ক লৈও আলোচনা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি ৩০ মে’ৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰিত্ব পোৱা নেতা সকলক ফোনৰ দ্বাৰা অৱগত কৰি দিয়া হ’ব। মন্ত্ৰীসভাত বহু নতুনত্ব সন্নিৱিষ্ট কৰা হ’ব বুলি ইতিপূৰ্বে বিজেপি শীৰ্ষ নেতৃবৰ্গই ইংগিত প্ৰদান কৰিছে। মন্ত্ৰীসভাৰ চূড়ান্ত তালিকাৰ সন্দৰ্ভত আজি দিল্লীত কেইবাখনো সভা অনুষ্ঠিত হ’ব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here