গোলাঘাটত ব্যৱসায়ীক অপহৰণৰ চেষ্টা যুদ্ধবিৰত আনলা সদস্যৰঃ গ্ৰেপ্তাৰ ৪, পলাতক ২

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটঃ গোলাঘাটত যুদ্ধবিৰত আদিবাসী উগ্ৰপন্থী সংগঠন আনলা সদস্য এইবাৰ নামি পৰিছে ধনদাবী আৰু অপহৰণ কাৰ্যত৷ যোৱা ২৮ মে’ৰ নিশা জিলাখনৰ পোৰাবাংলা অঞ্চলৰ এগৰাকী ব্যৱসায়ীক অপহৰণৰ ব্লু-প্ৰিণ্ট ৰচনা কৰোঁতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগা হয় আনলাৰ ৪গৰাকী সদস্য৷ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে এক সংবাদমেলযোগে জানিবলৈ দিয়া অনুসৰি নুমলীগড়ৰ পোৰাবাংলা অঞ্চলৰ এজন ব্যক্তিৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত ছয়জন আনলা সদস্যই স্থানীয় দীপক গোৱালা নামৰ ব্যৱসায়ীজনক নিশা অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল৷

গোলাঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নিশাই অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰ, গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা আৰু নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাধুৰ্য দাধৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই কামিল দাং, ভাইমন বাঘ,ৰাজু ভূমিজ আৰু এডমন টপ্পক গেপ্তাৰ কৰাৰ লতগতে দুটা পইণ্ট ৩২ পিষ্টল, ১০ জাঁই সজীৱ গুলীৰ লগতে তিনিটা ম’বাইল ফোন জব্দ কৰে৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, উক্ত দলটোত ছয়জন আনলা সদস্য আছিল যদিও দুজন পলাই সাৰিবলৈ সক্ষম হয়৷ আনলা সদস্যকেইজনে কিছুদিন পূৰ্বে কুঠৰীৰ এখন বাগিচাৰ শ্ৰমিকৰ বাবে নিয়া দৰমহা ডকাইটি কৰাৰ পৰিকল্পনা কৰিছ্ল যদিও ব্যৰ্থ হ’বলগা হয়৷ তদুপৰি আনলা সদস্যকেইজনে জিলাখনৰ কেইবাটাও স্থানত ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে জানিবলৈ দিয়ে৷ অন্যহাতে গোলাঘাট জিলাত আলফাৰ গতিবিধিৰ ওপৰতো চোকা নজৰ ৰখা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here