সাংবাদিক অমূল্য দত্তৰ আকস্মিক বিয়োগঃ বিভিন্ন সংগঠনৰ শোক

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাসঃ গোলাঘাটৰ দৈগ্ৰোঙ নিবাসী, নুমলীগড়ৰ প্ৰাগ্-নিউজ চেনেল তথা দৈনিক অসম কাকতৰ সাংবাদিক অমূল্য দত্তই যোৱা ২৯ মে’ত এক শোকবহ দুৰ্ঘটনাত পতিত হৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷দত্তৰ বিয়োগৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে গোলাঘাট জিলা প্ৰশাসনে৷গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই প্ৰয়াত সাংবাদিক অমূল্য দত্তই জীৱনকালত সংবাদ ক্ষেত্ৰৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণি শ্ৰদ্ধাৰে স্মৰণ কৰে৷ সাংবাদিক দত্তৰ অকাল বিয়োগত সংবাদ জগতখনৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰি উপায়ুক্ত ধীৰেণ হাজৰিকাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ইফালে সাংবাদিক অমূল্য দত্তৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে নৱগঠিত গোলাঘাট মিডিয়া ফ’ৰামে৷ ফ’ৰামৰ সভাপতি দ্বীপেন দত্ত, কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামী, যুটীয়া সম্পাদকদ্বয় দিগন্ত কুমাৰ বৰা, ভাস্কৰজ্যোতি বৰদৈলয়ে সাংবাদিক দত্তৰ মৃত্যুত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ অভাৱনীয় ক্ষতি হোৱা বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here