আজন্ম শিল্পী বেণু মিশ্ৰক যুগ যুগ ধৰি জীয়াই ৰাখিব ” মৃত্যু ” নামৰ তৈল চিত্ৰ খনেঃ এমেচাৰৰ স্মৃতিচাৰণত পিকুমনি দত্ত

               মৃত্যু

প্ৰাগজ্যোিতষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস, ১ জুনঃ এগৰাকী আজন্ম চিত্ৰ শিল্পী বেণু মিশ্ৰই অংকন কৰি যোৱা অজস্ৰ তৈল চিত্ৰ সমূহৰ ভিতৰত এখন তৈল চিত্ৰই যুগ যুগান্তৰৰ বাবে শিল্পী গৰাকীক আমাৰ মাজত জীৱন্ত কৰি ৰাখিব । “মৃত্যু ” ক লৈ কৰা অংকন তৈলচিত্ৰখন শিল্পী গৰাকীৰ কালজয়ী তৈল চিত্ৰ । এই মন্তব্য শিল্পী বেণু মিশ্ৰৰ ঘনিষ্ট , প্ৰগতিবাদী নেতা পিকুমনি দত্তৰ । সদ্য প্ৰয়াত শিল্পী বেণু মিশ্ৰৰ স্মৃতিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিয়ে কালি অনুস্থিত কৰা স্মৃতিচাৰন সভাত এই মন্তব্য কৰে পিকুমনি দত্তই । দত্তই প্ৰয়াত মিশ্ৰক অসমত গ্ৰন্থ বেটুপাত অংকন কৰা প্ৰথম গৰাকী শিল্পী বুলি অভিহিত কৰি তেওঁঁ বেণু মিশ্ৰ শান্তি নিকেতনৰ পৰা অহা লৈকে অসমৰ গ্ৰন্থ সমূহৰ বেটুপাত কলকতাত অংকন কৰাইছিল । এগৰাকী সহজ সৰল ব্যক্তি হোৱাৰ উপৰিও শিল্পী গৰাকী আছিল পণ্ডিত্যযগুণৰ অধিকাৰী । দত্তই শিল্পী গৰাকীয়ে আমৃত্যু প্ৰগতিশীল চিন্তাৰ বাহক হৈ থাকি প্ৰগতিশীল ধ্যান ধাৰনাক আগুৱাই নিছিল বুলি কয় । শিল্পী গৰাকীৰ সাংগাঠনিক দক্ষতাৰ বাবেই বহু শিপ্লীক একত্ৰিত কৰি গুৱাহাটীত স্হাপন কৰিছিল ” আৰ্টিষ্ট গীল্ড” ৰ । গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডাঃ মানস ৰয়ৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত ছ’চাইটিৰ প্ৰাক্তন সভাপতি ডা : অজিত বৰুৱৃই প্ৰয়াত শিল্পী মিশ্ৰ কেনেদৰে গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ লগত জড়িত হল তাৰ বিষয়ে বক্তব্য প্ৰদান কৰাৰ লগতে শিল্পী গৰাকীৰ ব্যক্তিত্বৰ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে ।ছ’চাইটিৰ প্ৰবীন শিল্পী মন্টু কৰ্মকাৰে বেণু মিশ্ৰৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্জলন কৰে আৰু অনুস্থানটোৰ আঁতধৰে প্ৰশাসনীক সম্পাদক দীপমনি খাটনীয়াৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here