গোলাঘাট জিলাত সংঘটিত হোৱা সৰ্ববৃহৎ সুৰা ট্ৰেজেডীৰ শুনানি আৰম্ভ হ’ব ১১ জুনত

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ১জুনঃ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাত সংঘটিত হোৱা সৰ্ববৃহৎ সুৰা ট্ৰেজেডীৰ শুনানি আৰম্ভ হ’ব ১১ জুনত। গোলাঘাট আৰক্ষীয়ে এহেজাৰ পৃষ্ঠা জোৰা অভিযোগনামাত মুঠ ৪১ গৰাকী বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।শতিকাৰ বৃহত্তম সুৰা ট্ৰেজেডীত যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ শালমৰা,গৰঙা,মেৰাপানীকে ধৰি বিভিন্ন প্ৰান্তত প্ৰায় শতাধিক লোকৰ মৃত্যু হৈছিল।আৰু এই ঘটনা এতিয়া গোলাঘাটৰ আদালতৰ মজিয়াত।সেয়েহে অহা ১১ জুনৰ পৰা শুনাণি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি গোলাঘাট আৰক্ষীয়ে আজি এহেজাৰ পৃষ্ঠা জোৰা অভিযোগনামা দাখিল কৰিছে আদালতত। ৰাজ্য কপোৱা এই ঘটনাৰ পিছতেই গোলাঘাট সদৰ আৰক্ষী থানাত ২২৩/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি এটা বিশেষ তদন্তকাৰী দলে অনুসন্ধান আৰম্ভ কৰিছিল। আৰক্ষীৰ তদন্ত পোহৰলৈ আহিল বহু চাঞ্চল্যকৰ তথ্য। মিথানলৰ বাবে সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীৰ অভিযোগনামাত উল্লেখ আছে। কিন্তু মিথানল কেনেকৈ মৃত্যু হোৱা লোকসকলৰ দেহত সোমাল তাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জানিব পৰা মতে, কাৰ্বি আংলং জিলাৰ ৰেডিয়ন্ট ডিচটিলেৰিছ নামৰ সুৰা প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ পৰা মিথানলসমূহ ট্ৰেংকাৰ যোগে সৰবৰাহ কৰোতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জুৰীয়া দলঙৰ সমীপত ট্ৰেংকাৰৰ চালক আৰু একাংশ চোৰাং তেল ব্যবসায়ীয়ে অবৈধভাবে মিথানল সমূহ ট্ৰেংকাৰ পৰা আহৰণ কৰি বিক্ৰী কৰিছিল একাংশ সুৰা ব্যৱসায়িক। আৰু গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত এই মিথানলৰ দ্বাৰা চুলাই প্ৰস্তুত কৰি বিক্ৰী কৰাৰ পাছত সেই বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হল শতাধিক লোকৰ। গোলাঘাট আৰক্ষীয়ে এতিয়া এই ঘটনাত ভাৰতীয় দন্ডবিধি আইনৰ অধীনত ১২০ B/৩২৪/৩০৪ আৰু আবকাৰী আইনৰ অধীনত ৫৫ ধাৰাত মুঠ ৪১ গৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ লগতে ৬৫ গৰাকীক সাক্ষী হিচাপে নাম উল্লেখ কৰিছে। অহা ১১ জুনৰ পৰা গোলাঘাট আদালতত চলিব লগীয়া এই বিচাৰ প্ৰক্ৰিয়াক লৈ সকলোৱে উৎকণ্ঠা ৰে বাট চাই ৰৈছে । ন্যায় পাবনে শতাধিক ভুক্তভোগি পৰিয়ালে !

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here