গোলাঘাটত বিশিষ্ট শিক্ষাবিদ কন্দৰ্প তামুলীৰ ষষ্ঠদশ মৃত্যু বাৰ্ষিকী পালন

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট, ৩ জুনঃ গোলাঘাটৰ এজন বিশিষ্ট শিক্ষাবিদ তথা গোলাঘাট জাতীয় বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক কন্দৰ্প তামুলীৰ ষষ্ঠদশ মৃত্যু বাৰ্ষিকী ১জুনত গোলাঘাট জাতীয় বিদ্যালয়ৰ উদ্যোগত স্থানীয় এমেচাৰ থিয়েটাৰ ছ’চাইটিত দিনযোৰা কাৰ্যসূচী পালন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে গোলাঘাট জিলাভিত্তিক এখন আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত কন্দৰ্প তামুলীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতে বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকনে কন্দৰ্প তামুলীৰ জীৱন আৰু কৰ্মৰাজিৰ লগতে সমাজ জীৱনত আগবঢ়াই থৈ যোৱা অৱদানৰ বিষয়ে সাৱলীল বক্তৃতা প্ৰদান কৰে। পৰৱৰ্তী কাৰ্যসূচীত গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰাইনো ইক’ ক্লাবৰ ল’গ’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিদ্যালয়ৰ সঞ্চালকমণ্ডলীৰ সভাপতি ডাঃ অজিত বৰুৱাই। ইয়াৰ পিছতে প্ৰয়াত কন্দৰ্প তামুলীৰ সোঁৱৰণত গোলাঘাট জিলাভিত্তিক এখনি আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পলাশ সন্দিকৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখনত গোলাঘাটৰ ভিন্ন প্ৰান্তৰ পৰা অহা পোন্ধৰখনৰো অধিক শিক্ষানুষ্ঠানৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

চূড়ান্ত প্ৰতিযোগিতাৰ অন্তত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় গোলাঘাটৰ দলে। আনহাতে তৃতীয় স্থান দখল কৰে শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ দলে। বিজয়ী সকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়। সমগ্ৰ কাৰ্যসূচীৰ আঁতধৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী বনশ্ৰী কাকতিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here