শ্ৰীযুত সতীশ তহবিলদাৰ দেৱলৈ ৮০তম জন্মদিনৰ শুভেচ্ছা

প্ৰাগ্ ডেস্কঃ ৪ জুন, ২০১৯ তাৰিখ মঙ্গলবাৰে প্ৰাগজ্যোতিষ কাকতৰ মুখ্য উপদেষ্টা আৰু স্বামী বিবেকানন্দ জনপ্ৰিয় পুথিভঁৰালৰ মুখ্য পৰিচালকৰ দায়িত্বত থকা শ্ৰীযুত সতীশ তহবিলদাৰদেৱৰ ৮০তম জন্মদিনেটা শুভাকাংঙ্খীসকলে পৰম আন্তৰিকতাৰে পালন কৰিবলৈ মনস্থ কৰিছে৷ অভিজ্ঞতা, দায়িত্ববোধ, সুদৃঢ় সংকল্প, সবল ইচ্ছাশক্তিৰ বাবেই অসুস্থতা সত্ত্বেও সমাজসেৱাৰ বাবে বিভিন্ন কামত তেখেত ব্ৰতী হৈ আছে৷ শ্ৰীযুত তহবিলদাৰদেৱৰ পবিত্ৰ জন্মদিনত তেখেতৰ আশু আৰোগ্য কামনা কৰি প্ৰাগজ্যোতিষ পৰিয়ালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে তেখেত সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছে৷

বামুনীমৈদাম, ৰে’লৱে কলনি
বিবাহ ভৱনত উল্লেখিত অনুষ্ঠানটি অনুষ্ঠিত হ’ব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here