ফলৰ নামত বৰবিহঃ গোলাঘাটত কাৰ্বাইডযুক্ত আম জব্দ

প্ৰগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস, ৩ জুনঃ ফলৰ নামত ৰাইজক খোৱাইছে একাংশ অসাধু ব্যৱসায়ীয়ে বৰবিহ। আজি গোলাঘাট নগৰত অভিযান চলাই দুখনকৈ ফলমূলৰ দোকানত অভিযান চলায় ২৪ কাৰ্টন আম জব্দ কৰে প্ৰশাসনে। গোলাঘাটৰ স্বাস্থ্য বিভাগৰ খাদ্য পৰিদৰ্শক বিনী গোহাঁইৰ নেতৃত্বত দণ্ডাধীশৰ উপস্থিতিত চলা এই অভিযানত কাৰ্বাইডযুক্ত আমসমূহ জব্দ কৰি নষ্ট কৰে প্ৰশাসনে ৷ উল্লেখ্য যে, নগৰখনৰ তপন পাল আৰু সন্তোষ ঝাৰ ফলমূলৰ দোকানৰ পৰা এই বৰবিহ সদৃশ আমসমূহ জব্দ কৰা বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here