ফৰকাটিং হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট,৩ জুনঃ যোৱা ২৬ মেত গোলাঘাট ফৰকাটিংৰ এটা Rice mill ৰ চৌহদৰ সংঘটিত হোৱা হত্যাকান্ডৰ মূল অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ফৰকাটিং আৰক্ষীয়ে। বিহাৰ আৰু নেপাল সীমান্তৰ ভিতামুৰ শ্ৰীকান্ডি নামৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ৰামৰতন ৰায় নামৰ এইজনক।Rice Mill ত উদ্ধাৰ হোৱা নাহৰকটীয়াৰ জোনমনী গগৈ নামৰ মহিলা গৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। এটা CC TV ফুটেজে ৰহস্য গ্ৰহণ কৰি তুলিছিল সমগ্ৰ ঘটনা।যোৱা ২২ মে’ত ইন্টাৰচিটি ট্ৰেইন ফৰকাটিং ষ্টেচনত ৰোৱাৰ সময়ত জোনমণিয়ে নিজৰ স্বামীক এৰি পলাই গৈ সোমাইছিল ফৰকাটিংস্হিত ৰাজেন্দ্ৰ আগৰৱালাৰ মালিকাধীন এটা Rice Mill ত। আৰু মিলটোৰ চৌহদতে থকা এটা পৰিত্যক্ত ঘৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল জোনমণি গগৈৰ মৃতদেহ। আৰু এই ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত খৰতকীয়া কৰি মূল অভিযুক্তক ধৰা পেলাবলৈ সক্ষম হল।আৰক্ষীয়ে জানিবলৈ দিয়ামতে মিলটোত কৰ্মৰত এই ৰামৰতন ৰায় নামৰ মিস্ত্ৰিটোৱে ঘটনাৰ দিনা চৌহদৰ ভিতৰত লগ পাইছিল জোনমণি গগৈক।ঘটনাত আৰু লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here