‘সেউজ প্ৰাণ’ অপূৰ্ব বল্লভ গোস্বামীক ‘সেউজ প্ৰাণ’ উপাধি প্ৰদানঃ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিবেশ সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট নগৰৰ অন্যতম শিক্ষানুষ্ঠান ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত কালি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা প্ৰাতঃসভা আৰু পৰিৱেশ ৰক্ষাৰ শপত বাক্য পাঠ কৰায় বিদ্যালয়খনৰ শিক্ষয়িত্ৰী লোপামুদ্ৰা ভট্টাচাৰ্যই। ইয়াৰ পিছতে পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ কোঁৱৰে।পতাকা উত্তোলনৰ পিছতে ‘সেউজ ধৰণী ধুনীয়া’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে লটাৰীযোগ নিৰ্বাচিত বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষৰোপণ কৰা হয়। এই অনুষ্ঠানতে বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা ‘কাঁচিয়লি’ উন্মোচন কৰে গোলাঘাট জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কৰা সমবেত সংগীত পৰিৱেশনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিবেকানন্দ শৰ্মাৰ সভাপতিত্বত মুকলি আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাতে পৰিৱেশ সংৰক্ষক, পৰিৱেশ সংবৰ্ধনৰ বাবে অহোপুৰোষাৰ্থ কৰি অহা বিশিষ্ট প্ৰকৃতিপ্ৰেমী, জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীক ‘সেউজপ্ৰাণ’ উপাধি প্ৰদান কৰা হয়। এই সন্মান গ্ৰহণ কৰি গোস্বামীয়ে কয় যে, বৰ্তমান সময়ত ভয়াবহ বায়ু প্ৰদূষণে দেখা দিছে। এই বায়ু প্ৰদূষণ ৰোধৰ বাবে আমি সকলো আগবাঢ়ি আহিব লাগিব। ব্যাপক উদ্যোগৰ সম্প্ৰসাৰণ, অবাধ বনাঞ্চল ধ্বংস আদিয়ে আমাৰ চৌপাশৰ বায়ু প্ৰদূষিত কৰি তুলিছে।অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰেও বিশ্বত বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে। মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ সমূহৰ বৰ্জিত পদাৰ্থসমূহো বায়ু প্ৰদূষণৰ এক অন্যতম কাৰণ বুলি গোস্বামীয়ে উল্লেখ কৰে।তেওঁ লগতে কয় যে, কেতিয়াবা কৃত্ৰিম উপগ্ৰহ বিফল হ’লে উপগ্ৰহটো মিছাইলেৰে ধ্বংস কৰাৰ ফলত ইয়াৰ ধ্বংসাৱশেষেও বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি ১৭৬০ চনতে ইংলেণ্ডে আৰম্ভ কৰা শিল্প বিপ্লৱে সমগ্ৰ বিশ্বতে যদিও নতুন যুগৰ সূচনা কৰিলে ইয়াৰ পৰৱৰ্তী সময়ত বিজ্ঞানৰ ন ন আৱিষ্কাৰে সমগ্ৰ বিশ্বতে পৰিৱেশ বিনষ্ট কৰি তুলিছে বুলি গোস্বামীয়ে মন্তব্য প্ৰকাশ কৰে। জান-জুৰি, নদ-নদীৰ পৰা আৰম্ভ কৰি সাগৰ-মহাসাগৰৰ জলাশয় বিষাক্ত হৈ পৰা বুলি মন্তব্য প্ৰকাশ কৰি গোস্বামীয়ে মহাসাগৰসমূহত প্ৰশিক্ষণৰ নামত ৰাসায়নিক অস্ত্ৰৰ প্ৰয়োগে মহাসাগৰ পানী বিষাক্ত কৰি জলচৰ প্ৰাণীকূললৈও বিপদ কঢ়িয়াই আনিছে। ভয়াবহ বায়ু প্ৰদূষণৰ বাবে আজি সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰা বুলি উল্লেখ কৰি তেওঁ পৰিৱেশ ভাৰসাম্যতা ৰক্ষাৰ বাবে গছ-পুলি ৰোপনত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত চৰকাৰৰো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰি গোস্বামীয়ে পৰিৱেশ ভাৰসাম্য বৰ্তাই ৰখা শগুণৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে। এই সন্মান প্ৰদান কৰাৰ বাবে গোস্বামীয়ে বিদ্যালয়খনৰ পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।বিদ্যালয়খনৰ শিক্ষক তথা আহ্বায়ক ৰূপজ্যেতি ফুকনে আঁত ধৰা সভাখনত সমল ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট প্ৰকৃতিপ্ৰেমী, শিক্ষক তথা ফটোগ্ৰাফাৰ গিৰিমল্লিকা শইকীয়া।শইকীয়াই পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰাৰ লগতে তেওঁ কেমেৰাত বন্দী হোৱা অসমৰ জৈৱ-বৈচিত্ৰৰ আলোকচিত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰে। ইয়াৰোপৰিও প্ৰকৃতিপ্ৰেমী শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বৈচিত্ৰ্যময় প্ৰকৃতি, বৈচিত্ৰ্যময় জীৱ-জন্তুৰ অগতানুগতিক আচৰণ সম্পৰ্কত মত বিনিময় কৰে। লগতে তেও পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল অধিক দায়িত্বশীল হোৱাৰ পোষকতা কৰে।সভাত বিশিষ্ট অতিথিৰূপে অন্য এগৰাকী বিশিষ্ট পৰিৱেশকৰ্মী পৰাগ লহকৰে পৰিৱেশ ৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া পূণ্যেশ্বৰ পূজাৰী, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উপ-সভাপতি নিৰ্মল বৰুৱা, হীৰেন তামুলী আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here