গোলাঘাটৰ বিদ্যুৎ বিভাগৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰে বজাইছে মৃত্যু দাবানল

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ৪ জুনঃ গোলাঘাট বিদ্যুৎ পৰিষদৰ কৃপাত উন্মুক্ত হৈ থকা বিদ্যুৎ পৰিবাহী ট্ৰেন্সফৰ্মাৰে বজাইছে মৃত্যু ঘন্টা । কালি এনে উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি এটা গৰুৰ মৃত্যু হয় । গোলাঘাটৰ আঠগাঁও চাৰিআলিৰ পথাৰত থকা বিভাগটোৰ ট্ৰেন্সফৰ্মাৰটোত ঘটে এই ঘটনা। অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ বিভাগটোৰ বিষয়া সকলক বিষয়টো অৱগত কৰি থকাতো বিভাগটোৱে একো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে বিভাগটোৰ বিৰুদ্ধে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here