দৈয়াং চাহ বাগিচাত শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাৰ অনশন

প্ৰাগজ্যোতিষ বাৰ্তা,দৈয়াং,গোলাঘাট, ৫ জুনঃ গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাৰ দীৰ্ঘদিনীয়া শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আটছাৰ প্ৰাথমিক গোটে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ বহুদিনৰ পৰাই বাগিচাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবী শ্ৰমিকসকলে উত্থাপন কৰি অহাৰ পিছতো বাগিচা কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত আজি আটছাই এই কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিয়ে। উক্ত সমস্যা সমাধানৰ দাবীত সংগঠনটোৱে এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here