বিশ্ব পৰিৱেশ দিৱস উদযাপন

প্ৰাগ্ ডেস্ক,৫জুনঃ জালুকবাৰীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ চৌহদত মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক,অধ্যাপিকা. কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত ‘বিশ্ব পৰিবেশ দিৱস’ উপলক্ষে যোৱা তিনি জুনত আগতীয়াকৈ বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়। লগতে ‘বৃক্ষৰ প্ৰয়োজনীয়তা তথা পৰিবেশ সচেতনতা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়ৰ সাহিত্য বিভাগৰ সহকাৰী অধ্যাপিকা ড০ নীলাক্ষি দেৱীয়ে। তেওঁ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নিজৰ জন্মদিনত গছপুলি ৰোপণ কৰিবলৈ আৰু আনৰো বিশেষ দিনবোৰত গছপুলি উপহাৰ দিবলৈ অনুৰোধ কৰে। এনেদৰেও পৰিবেশৰ ভাৰসাম্য ৰক্ষাত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি অধ্যাপিকাগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আগভাগ লয় মহাবিদ্যালয়ৰ কাব্য বিভাগৰ সহকাৰী অধ্যাপিকা ড০ নন্দিতা শৰ্মাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here