অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আৰম্ভ কৰিব পৰিবেশ মিত্ৰ বঁটাঃ গোলাঘাটত বিশ্ব পৰিবেশ দিৱসত মন্ত্ৰী কেশৱ মহন্ত

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,৬ জুনঃ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আৰম্ভ কৰিব পৰিবেশ মিত্ৰ বঁটা । এই বঁটা প্ৰদান কৰা হ’ব পৰিবেশ বিষয়ত উল্লেখযোগ্য কাম কৰা এটা স্বেচ্ছাসেৱী অনুস্থান আৰু এগৰাকি পৰিবেশ কৰ্মীক । পৰিবেশ বিষয়ত কাম কৰি থকা অনুস্থান আৰু ব্যক্তিক প্ৰেৰণা আৰু স্বীকৃতি প্ৰদানৰ বাবে এই বঁটা প্ৰবৰ্ত্তন কৰা হৈছে।আজি এই কথা প্ৰকাশ কৰে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় যৌথ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যিক প্ৰয্যায়ত অনুস্থিত কৰা বিশ্ব পৰিবেশ দিৱসৰ মুকলি সভাত।মন্ত্ৰী গৰাকীয়ে ভাষণত কয় যে কেৱল পৰিবেশ দিৱসৰ দিনা গছ ৰোপণ কৰিলেই নহয়।এক সূস্থিৰ কৰ্মসূচীৰো প্ৰয়োজন আছে।সেয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে বছৰ জুৰি এক কৰ্মসূচী প্ৰস্তুত কৰিছে যোৱা দুটা বৰ্ষত বিভাগটোৱে ৰাজ্যখনৰ এখনকৈ মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰি আহিছে।এইবাৰ তৃতীয়বাৰৰ বাবে ৰাজ্যিক ভিত্তিত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ঐতিহ্যমণ্ডিত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত। মন্ত্ৰীগৰাকীয়ে বিভাগৰ কামকাজ সৰ্ম্পকত ভাষণত কয় বিভাগে ইতিমধ্যে প্ৰতিটো মহকুমাকে সামৰি একোখন বিজ্ঞান মহাবিদ্যালয়ত বিজ্ঞান কোষ আৰম্ভ কৰাৰ আঁচনি লৈ ৬০খন মহাবিদ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে। ইমান দিনে বিভাগটো গুৱৃহাটীতে কেন্দ্ৰীভূত হৈ আছিল বৰ্তমান চৰকাৰে বিভাগটোক বিকেন্দ্ৰীকৰণ কৰি প্ৰতিখন জিলাত বিজ্ঞান কেন্দ্ৰ স্হাপনৰ প্ৰাথমিক কাম সমূহ ১৭ জিলাত আৰম্ভ কৰা হৈছে বুলি ভাষণত মন্তব্য কৰি লগতে জনায় যে বৰ্তমানলৈকে গোলাঘাট জিলাকে ধৰি ১১ খন জিলাৰ প্ৰশাসনে ভূমি আৱন্টনকে কৰা নাই।যাৰ বাবে এই ১১খন জিলাত বিজ্ঞান কেন্দ্ৰৰ কাম কৰিব পৰা হোৱা নাই বুলিও ভাষণত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
অনুস্থানত সন্মানিত অতিথি ৰূপে উপস্থিত থাকি কৃষি মন্ত্ৰী অতুল বৰাই বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে প্ৰকাশ কৰা তিনিমহীয়া নিউজ লেটাৰ উদ্বোধন কৰে। উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে প্ৰকাশ কৰা নিউজ লেটাৰৰ শলাগ লয়। পৰিবেশ দিৱসত ৰোপণ কৰা গছ পুলি প্ৰতিপালন কৰাত মনোনিবেশ কৰিব লাগে। মন্ত্ৰীগৰাকীয়ে আক্ষেপেৰে ভাষণত কয় যে প্ৰতিপালনৰ অভাবৰ বাবে দুবছৰৰ পূৰ্বে কলিয়াবৰত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা গছ পুলি ৰোপণ আঁচনিৰ সুফল পোৱা নগ’ল । অনুস্থানত বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈ মাৰ্গ দৰ্শন বক্তৃতা প্ৰদান কৰি কয় যে সভ্যতাৰ আদিম যুগতো কাৰ্বন ডাই অস্কাইড নিৰ্গমণ হৈ বায়ু প্ৰদুষন হৈছিল।সেই সময়ত সেই দুষিত বায়ূ শোধন কৰিছিল বিবিধ সেউজীয়া উদ্ভীদে।বৰ্তমান সেউজীয়া উদ্ভিদসমূহ কমি অহাৰ বাবে বায়ু শোধন কমি গৈছে। অসমত বৰ্ত্তমানলৈকে ৩১০০ বৰ্গ কিলোমিটাৰ বনাঞ্চল শেষ হৈ গ’ল বুলি মন্তব্য কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ বাবে বহু গছ কটা হ’ল যদিও সামাজিক বনানিকৰন বিভাগে কোনো গছ ৰোপণ নকৰিলে। অনুস্থানত বক্তব্য ৰাখে অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ সচিব হেমন দাস ,সঞ্চালক ড০ ৰৌচন দাস , জ্যেষ্ঠ বিজ্ঞানী অৰূপ মিশ্ৰই। জিলা আয়ুক্ত উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱা,প্ৰশাসনৰ সূচমা হাজৰীকা। দেৱৰায় মহাবিদ্যালৰ অধক্ষ্য ড০ পুতুল চন্দ্ৰ শইকীয়াই আদৰণি ভাষণ দিয়া সভাখনৰ আতঁধৰে জ্যেষ্ঠ প্ৰবক্তা ড০ নৃপেন বৰুৱাই।অনুস্থানত চলিত বৰ্ষত বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম সাহিতা সভাৰ বঁটা প্ৰাপক অৰূপ বল্লভ গোশ্বামী আৰু গোলাপ গগৈক বিশেষভাৱে সম্বৰ্দ্ধনা জনায়।অনুস্থানত বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান কেন্দ্ৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ ১৭ খন হাইস্কুললৈ পুঁজি আৱন্তনৰ চেক্ বিতৰণ কৰা হয়।এই সভাৰ পূৰ্বে মহাবিদ্যালয়ৰ ৰষায়ন বিভাগৰ সহকাৰী প্ৰবক্তা সূভাংশু দত্তই বায়ু প্ৰদূষণৰ ওপৰত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here