গোলাঘাট জিলা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালনঃ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ৬ জুনঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে গোলাঘাট জিলা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ যৌথ উদ্যোগত কালি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৪ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ লক্ষ্মীপ্ৰভা শইকীয়া সোঁৱৰণী মঞ্চত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলা ভিত্তিক এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। কালি দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে বৃক্ষ ৰোপণ কৰে গোলাঘাট জিলা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যবাহী অভিযন্তা ৰীতা শৰণীয়াই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উপ মহাপ্ৰবন্ধক ড০ সঞ্জয় ভূটানী।নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বিশিষ্ট পৰিৱেশ কৰ্মী গীতিমালিকা শইকীয়াই।বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, মৰঙি দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ পবন শৰ্মা বৰা উপস্থিত থাকে।লগতে উপস্থিত থাকে ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট প্ৰৱন্ধকাৰ অৰ্ণৱ শইকীয়া।এখন চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে জিতেন গোৱলাই। ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, নাট্যকাৰ জিতেন কুমাৰ হাজৰিকাৰ পৰিচালনাত সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ‘এখন সেউজীয়া পৃথিৱীৰ সন্ধানত’ নামৰ এখন পৰিৱেশ সজাগতা সম্পৰ্কীয় একাংকিকা নাট প্ৰদৰ্শন কৰে।
বিয়লি এখন মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়াই ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰূপ কুমাৰ দুৱৰাই। সেই মুকলি সভাতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here