জামুগুৰিহাটত সামাজিক নাটক ‘জাৰজ’ৰ সফল মঞ্চায়ন

হিমাংশু ৰণ্‌জন ভূঞা

জামুগুৰিহাটৰ ঢেকেৰীগাঁও মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত যোৱা ২৬ মে’ (২০১৯)ৰ নিশা মঞ্চায়ন হয় প্রতিষ্ঠিত নাট্যকাৰ যামিনী বাঢ়ৈৰ দ্বাৰা ৰচিত এখনি সামাজিক নাটক ‘জাৰজ’। গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক নৰোৱা থানৰ সহপৃষ্ঠ ঢেকেৰীগাঁৱৰ মিলনজ্যোতি যুৱক সংঘৰ প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গাঁওখনৰ যুৱক-যুৱতীসকলে মঞ্চায়ন কৰা ‘জাৰজ’ নাটকখনৰ পৰিচালনা যুৱ নাট্যকর্মী বিশ্বজিৎ নাথৰ। ‘জাৰজ’ নাটকখন এটি সাধাৰণ পৰিয়ালৰ পটভূমিত নাট্যকাৰে সজাই তুলিছে। পিতৃহীন দুটি ল’ৰা প্রভাত আৰু সমৰক মাক ৰেৱতীয়ে অশেষ কষ্টৰে পঢ়াই-শুনাই ডাঙৰ কৰে।

প্রভাতে আৰক্ষী বিষয়া হিচাপে চাকৰি লাভ কৰে আৰু একে সময়তে সৰু ভায়েক সমৰেও সুখ্যাতিৰে বি এ পাছ কৰে। ইফালে সমৰৰ বাগদত্তা মীনাক্ষীয়েও ডাক্তৰী পঢ়িবলৈ সুযোগ পায়। আৰক্ষী বিষয়া প্রভাতে এগৰাকী এমএলএ-ৰ চৰিত্রহীনা জীয়েক মনীষাক বিয়া কৰায়। বিবাহৰ আগতেই মনীষাৰ অবৈধ প্রেমৰ সাক্ষী হিচাপে এটি ল’ৰা জন্ম হয় যদিও প্রভাতে সেই কথা গম নোপোৱাকৈয়ে মনীষাক পত্নী হিচাপে গ্ৰহণ কৰে। ইফালে ডাঃ বৰুৱাৰ নাৰ্চিংহ’মত জন্ম হোৱা মনীষাৰ অবৈধ সন্তানটি ডাক্তৰৰ ঘৰৰ বনকৰা মানুহ ধনীৰামৰ জীয়েক পূৰৱীৰ হাতত তুলি দিয়ে।

নৱজাতক শিশুটি লৈ পূৰৱী ডাক্তৰৰ ঘৰৰ পৰা ওলাই আহোঁতে বাটত সমৰে পায় আৰু ঘৰলৈ নি নিজৰ ভনীৰ দৰে মৰম কৰি সন্তানটি সহ পূৰৱীক পোহপাল দিয়ে। আনহাতে প্রভাতৰ লগত বিয়া হোৱাৰ কেইবাবছৰলৈকে মনীষাই কোনো সন্তানৰ মুখ দেখা নাছিল। এদিন মনীষাই ডাক্তৰ বৰুৱাৰ অবাটে যোৱা পুত্ৰ ৰতন আৰু তাৰ লগৰ দুটা গুণ্ডাক এটা দালালৰ সহায়ত টকা দি পূৰৱীক হত্যা কৰায় আৰু সমৰক বেয়াকৈ মাৰপিট কৰায়।

পূৰৱীৰ মৃতদেহ সাবটি কান্দি থকা সমৰক পূৰৱীৰ হত্যাকাৰী সজাই জেললৈ প্ৰেৰণ কৰায়। চৰকাৰে এই হত্যাৰ তদন্তৰ দায়িত্ব অচি সীমান্ত ফুকনক অর্পণ কৰে আৰু নিজৰ ভায়েক আচামী হোৱাৰ বাবে কৌশলপূর্ণভাৱে প্রভাতক এই কেছটোৰ পৰা আঁতৰাই নিয়ে। নাটকখনৰ শেষৰপিনে অচি ফুকনে ডাক্তৰ বৰুৱাৰ নার্চিংহ’মৰ নাৰ্চ সান্ত্বনাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গোটেই হত্যাকাণ্ডটোৰ তদন্ত প্ৰক্রিয়া আগুৱাই নিয়ে আৰু ডাক্তৰ বৰুৱাৰ পুত্ৰ ৰতন আৰু তাৰ দুই বন্ধু মণ্টু আৰু বিকাশৰ ওপৰত চকু ৰাখে। পুলিচৰ সৈতে হোৱা এনকাউণ্টাৰত ৰতন আৰু তাৰ দুইগৰাকী বন্ধুৰ মৃত্যু হয়।

ঠিক তাৰ পাছতেই অচি ফুকনে বৰুৱাৰ চেম্বাৰতে প্রভাত, মনীষা, সমৰ, সমৰৰ বাগদত্তা ডাঃ মীনাক্ষী— সকলোকে গোটাই দালালৰ জৰিয়তে হোৱা হত্যাকাণ্ডৰ সমস্ত ঘটনা পোহৰলৈ আনে আৰু ডাক্তৰ বৰুৱাৰ চেম্বাৰত জন্ম হোৱা সন্তানটি যে প্রকৃততে প্রভাতৰ পত্নী মনীষাৰ অবৈধ সন্তান, সেই সত্য মনীষাৰ নিজ মুখেৰে স্বীকাৰ কৰোৱায়। মনীষাক হত্যাকাণ্ডৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা হয় আৰু ডাক্তৰ বৰুৱাই মনীষাৰ সেইজাৰজ সন্তানটি নিজৰ নাতি হিচাপে স্বীকৃতি দি সকলো সা-সম্পত্তিৰ উত্তাধিকাৰী কৰে। এইখিনিয়েই হৈছে ‘জাৰজ’ নাটকখনৰ মূল কাহিনী।

নাটকখনি গাঁওখনৰ ন-পুৰণি অভিনেতা-অভিনেত্রীসকলৰ সমাৱেশেৰে সুন্দৰভাৱে মঞ্চস্থ কৰাৰ ক্ষেত্ৰত পৰিচালক বিশ্বজিৎ নাথে চেষ্টাৰ ত্ৰুটি কৰা নাই। বিশেষকৈ ভ্রাম্যমাণ থিয়েটাৰৰ আৰ্হিত দুখন মঞ্চৰ ব্যৱহাৰৰ লগতে উদ্ধোধনী নৃত্যনাটিকা তথা নৃত্য-গীতৰ সমাহাৰেৰে নাটকখন মনোৰঞ্জনধর্মী কৰি মঞ্চায়ন কৰা হৈছে। তদুপৰি সকলো অভিনেতা-অভিনেত্রীয়েই নিজ-নিজ চৰিত্ৰসমূহ বাস্তৱ ৰূপত ফুটাই তোলাত সফল হৈছে। বিশেষকৈ মূল চৰিত্র প্রভাতৰ চৰিত্ৰত অভিজিৎ ভূঞা, সমৰৰ চৰিত্ৰত জিতু বৰা আৰু মনীষাৰ চৰিত্ৰত বন্দিতা বৰাই সাৱলীল অভিনয়ৰে দৰ্শকৰ প্রশংসা বুটলিবলৈ সক্ষম হয়।

ইফালে প্রভাতহঁতৰ ঘৰৰ বয়সস্থ বনকৰা মানুহ চিকুণৰ চৰিত্ৰত ৰুদ্ৰ বৰা, ডাঃ বৰুৱাৰ চৰিত্ৰত দীপক নাথ, ৰতনৰ চৰিত্ৰত ৰেৱন কোল, ধনীৰামৰ চৰিত্ৰত ধর্ম ডেকা, অচি সীমান্ত ফুকনৰ চৰিত্ৰত হেমন্ত কোল, দালাল সর্বেশ্বৰ কটকীৰ চৰিত্ৰত প্ৰাঞ্জল হাজৰিকা, ৰেৱতীৰ চৰিত্ৰত কল্পনা বৰা, মীনাক্ষীৰ চৰিত্ৰত গীতাঞ্জলি ডেকা, পূৰৱীৰ চৰিত্ৰত বন্দনা বৰুৱা আৰু সান্ত্বনাৰ চৰিত্ৰত ৰিমজিম শইকীয়াই নিজৰ প্রতিভা প্রকাশত সফলতা অর্জন কৰিছে। অন্যান্য পার্শ্ব চৰিত্ৰসমূহত জোনটি বৰা (বিকাশ), পীতাম্বৰ ডেকা (মণ্টু), ডলি বৰা (চেনেহী), প্রাণজিৎ ভঁৰালী (প্রদীপ শইকীয়া), জয়ন্ত বৰা আৰু সোণমণি ভূঞা (পুলিচ কনিষ্টবল) মৌ বৰা (বাবলি), প্ৰণৱ বৰা (লেৰেলা)-ই পৰিচালকৰ প্ৰতিটো নির্দেশ পালন কৰি যথাযথভাৱে অভিনয় কৰে। নাটকখনৰ মঞ্চসজ্জাৰ দিশত সহায় কৰে কৃষ্ণ ভঁৰালী আৰু গজেন শইকীয়াই।

‘জাৰজ’ নাটকখনি মঞ্চায়ন হোৱাৰ আগে আগে মঞ্চস্থ হয় স্বপ্নজ্যোতি বৰাৰ পৰিচালনাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘ৰূপালীম’ৰ আধাৰত সজাই তোলা এখনি গীতি-নৃত্য নাটিকা। নৃত্য নাটিকাখনত অভিনয় কৰে সীমা বৰা (ৰূপালীম), ৰিমজিম শইকীয়া (ইতিভেন), ধীৰাজ বৰা (মায়াব’), মামু শইকীয়া (জুনাফা), জয়ন্ত বৰা (ৰেনথিয়াং), বিকি বৰুৱা (মণিমুগ্ধ), লিখন (কৰমী ৰজা), ৰিদিপ, বিশাল (চন্তৰী), বাবলি, মিঠু, পুজা, বিদিশা, জুবলি, লাকী (লিগিৰী), বর্ষা, উর্মিলা, ৰিংকু, প্রিয়ংকা, নিহা আৰু শান্তি (ৰূপালীমৰ সখী)-এ।

‘ৰূপালীম’ৰ দৰে এখনি কালজয়ী নাটকক এইদৰে নৃত্য নাটিকা হিচাপে সজাই সুন্দৰ ৰূপত পৰিৱেশন কৰাটোৱে সঁচাকৈয়ে নাট্যসন্ধ্যাটিক অন্য এক মাত্রা প্রদান কৰে।  আৰু পঢ়ক: ‘গোন্ধ’ অভিমুখে অত্যন্ত সীমিত সা-সুবিধাৰ মাজেৰে গাঁৱৰ উঠি অহা নতুন চাম ল’ৰা-ছোৱালীৰ প্রতিভা বিকাশৰ দিশটোক গুৰুত্ব দি জামুগুৰিহাটৰ ঢেকেৰীগাঁও মিলনজ্যোতি সংঘই কৰা এই নাট্যচৰ্চা আৰু নাট মঞ্চায়ন নিশ্চয়কৈ প্রশংসনীয়। এই দিশত পৰিচালক বিশ্বজিৎ নাথে কৃতিত্বৰ দাবী কৰিব পাৰে। আমি আশা কৰিছোঁ, অনাগত দিনত পৰিচালক বিশ্বজিৎ নাথ আৰু ঢেকেৰীগাওঁ মিলনজ্যোতি সংঘই সংস্কৃতিৰ পথাৰখনত ন ন পদক্ষেপৰে আগবাঢ়ি যাওক।

লেখকৰ ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট
ভ্ৰাম্যভাষঃ ৮৪৮৬৪০০১৫৭, ৯৪৩৫৩৮৬০৪০

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here