পোহৰৰ উদ্যোগত বৃক্ষ ৰোপণ আৰু চাফাই অভিযান

 

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৬জুনঃ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ গীতানগৰৰ স্বেচ্ছাসেৱী সংগঠন পোহৰৰ উদ্যোগত যোৱা ৫ জুনত দিছপুৰ লাষ্টগেটত চাফাই অভিযান আৰু এলানি বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন হৈ যায়।উক্ত কাৰ্যসূচীৰ অংশ হিচাপে অঞ্চলটোৰ কণ কণ ছাত্র-ছাত্ৰী আৰু ৰাইজে হাতে হাতে ঝাড়ু লৈ ৰাজধানী এলেকাটোত এক চাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰে ।পোহৰৰ কৰ্মকৰ্তা জুনু গগৈ, সাংবাদিক ঈশ্বৰ মহন্ত, আৰ এছ এছৰ কাৰ্যকৰ্তা পৰাগ তালুকদাৰ প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।

কৃষি কল্যাণ সংস্থাৰ উদ্যোগত বৃক্ষ ৰোপণ আৰু চাফাই অভিযান-

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ গীতানগৰৰ স্বেচ্ছাসেৱী সংগঠন কৃষি কল্যাণ সন্থাৰ উদ্যোগতো যোৱা ৫ জুনত দিছপুৰ লাষ্টগেটত চাফাই অভিযান আৰু এলানি বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন হৈ যায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here