দিশপুৰ বিকাশ মঞ্চৰ আত্মপ্ৰকাশ

প্ৰগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৮ জুনঃ সমাজ সেৱাৰ পণ লৈ গঠন হ’ল ‘দিশপুৰ বিকাশ মঞ্চ’৷ মানৱ কল্যাণৰ ধৰ্ম পালনৰ উদ্দেশ্য আগত ৰাখি স্থানীয় ৰুক্মিনী নগৰৰ হাউছিং কলনিৰ প্ৰেক্ষাগৃহত কালি (৬ জুন, বৃহস্পতিবাৰ) অনুষ্ঠিত এখন ৰাজহুৱা সভাত দিশপুৰ বিকাশ মঞ্চৰ আত্মপ্ৰকাশ ঘটোৱা হয়৷ নৱগঠিত সামাজিক গঠনটোৰ নেতৃত্বত আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা যুৱ নেতা জয়ন্ত কুমাৰ দাস৷ কেপ্টেইন বি এম দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত দিশপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ হাজাৰোধিক লোক উপস্থিত আছিল৷ আদৰণি ভাষণত ‘দিশপুৰ বিকাশ মঞ্চ’ৰ অাহ্বায়ক জয়ন্ত কুমাৰ দাসে কয় যে সমাজ, জাতি আৰু দেশৰ হকে নিজকে সমৰ্পণ কৰাৰ মনোভাৱ ছাত্ৰাৱস্থাতেই গঢ় লৈ উঠিছিল৷ সেয়েহে ছাত্ৰ ৰাজনীতিৰ পৰা দলীয় ৰাজনীতিলৈ এই চিন্তা আগত ৰাখি কাম কৰি আহিছো৷ অধিক ত্বৰান্বিতভাৱে সমাজ সেৱাত মনোনিৱেশ কৰিবলৈ ‘দিশপুৰ বিকাশ মঞ্চ’ গঠনৰ সিদ্ধান্ত লোৱা হ’ল৷ ইতিবাচক চিন্তাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ উত্তৰণত ‘দিশপুৰ বিকাশ মঞ্চ’ ব্ৰতী হ’ব বুলি তেওঁ কয়৷ ৰাজহুৱা সভাত অংশ লৈ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই বহুমূলীয়া ভাষণ আগবঢ়ায়৷ সমাজৰ হিত সাধন অবিহনে, ৰাইজৰ সমৰ্থন অবিহনে কোনো নেতা হ’ব নোৱাৰে৷ পোৱাৰ মনোভাৱ বাদ দি সমাজক দিয়াৰ মনোভাৱেৰে কাম কৰাজনহে প্ৰকৃত সমাজ সেৱক বুলি ফনীন্দ্ৰ নাথ শৰ্মাই কয়৷ বিশিষ্ট সমাজকৰ্মী তথা আৰ এছ এছৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে সু-পৰামৰ্শ আগবঢ়ায়৷ নাগৰিক মৌলিক অধিকাৰৰ প্ৰতি যিদৰে সচেষ্ট, সেইদেৰ কতৰ্ব্যৰ প্ৰতিও দায়বদ্ধ হ’ব লাগিব৷ সমাজ অাৰু দেশৰ প্ৰতি সকলোৰে মনত দায়বদ্ধতা থকা উচিত৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত এ আই ডি চিৰ উপাধ্যক্ষ জিতু তালুকদাৰ, গৱেষক বিজ্ঞানী ডাঃ বিকুল দাস সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷ ৰাইজৰ মতামতৰ ভিত্তিত জয়ন্ত কুমাৰ দাসৰ নেতৃত্বত এখন তদৰ্থ কমিটী গঠন কৰা হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here