লংকাৰ কাকীত বনবিভাগৰ অভিযানঃ অবৈধ কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰ সহ মূল্যবান শাল-চেগুনৰ কুণ্ডা জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৮জুনঃ এক গোপন সূত্ৰৰ ভিত্তিত আজি শনিবাৰে পুৱা লংকাৰ কাকী টিলাবজাৰত কাকী বনাঞ্চলিক বিষয়া আৰু হোজাইৰ সহকাৰী বন সংমণ্ডল বিষয়াৰ নেতৃত্বত যোৱা বনবিভাগৰ এটি দলে অভিযান চলাই কাকী টিলাবজাৰ অঞ্চলৰ পৰা এটা অবৈধ কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰ সহ লক্ষাধিক টকাৰ চেগুন আৰু শাল কাঠৰ ২৮টা কুণ্ডা জব্দ কৰে। ইপিনে,কাকী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।উল্লেখ্য যে,হোজাই বন সংমণ্ডলৰ অধীনস্থ কাকী বনবিভাগৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইদৰে একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ কাঠফলা মিলসমূহ স্থাপন কৰি চোৰাং বেহা অব্যাহত ৰাখিছে যদিও দীৰ্ঘদিনধৰি চকুমুদা কুলিৰ ভাও ধৰি আহিছিল কাকী বনবিভাগে।তদুপৰি কাকী বনবিভাগৰ সন্মুখেদিয়েই নিতৌ অবৈধ বালি-শিলৰ সৰবৰাহ হৈ আছে যদিও কাণসাৰ নাই বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here