প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ৮জুনঃ গোলাঘাট নগৰত গোলাঘাট পৌৰসভা আৰু নগৰ পানী যোগান আঁচনি আৰু পয় প্ৰণালী পৰিষদে দীৰ্ঘ দিন ধৰি বিশুদ্ধ খোৱাপানী যোগানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷
শীঘ্ৰেই যদি প্ৰশাসনে কোনো ব্যবস্থা গ্ৰহণ নকৰে তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷ উল্লেখযোগ্য যে বিশুদ্ধ খোৱা পানীৰ নাটনিৰ ফলত গোলাঘাট নগৰত বিভিন্ন বেমাৰ-আজাৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে l কোটিৰো অধিক টকা ব্যয়ৰে নগৰৰ পানী যোগান আচঁনি আৰু পয় প্ৰণালী পৰিষদে গোলাঘাট নগৰ খোৱা পানী যোগান আচঁনি বছৰ বছৰ ধৰি সম্পূৰ্ণ কৰিব নোৱৰাত ক্ষুব্ধ হৈ পৰিছে এতিয়া দল সংগঠনসমূহ l
কোটি কোটি টকা ব্যয় কৰিও নগৰখনৰ কেইবাটাও ৱাৰ্ডত জোৰা টাপলি মাৰি পানী যোগান ধৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে l কিন্তু সকলোবোৰ দেখিও পৌৰসভা আৰু নগৰ পানী যোগান আঁচনি আৰু পয় প্ৰণালী পৰিষদে এইপৰ্যন্ত চকু মুদা কুলিৰ ভাও ধৰি বহি থকা বুলি অভিযোগ তুলি ৭ জুনত গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে তিনি ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে l
পৌৰ নিগম হায় হায়,গোলাঘাট নগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ বিষয়ববীয়াসকলে৷ অতিশীঘ্ৰে যদি প্ৰশাসনে সংগঠনটোৱে উত্থাপন কৰা দাবীসমূহ কাৰ্যকৰী নকৰে তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান সংগঠনটোৰ নেতা কৰ্মীসকলে৷