লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবুঃ হোজাই জিলাৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৭ জুনৰ নিশা ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় | লংকা দিশৰ পৰা যোৱা মাৰুতি আৰটিকা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন বাইকত খুন্দা মাৰি ফ’ৰলাইনৰ সিপাৰে পথদে গৈ থকা পঞ্জীয়ন বিহীন টাটা মোৱাইল গাড়ী এখনত খুন্দা মাৰে | ফলত গুৰুত্বভাৱে আঘাট প্ৰাপ্ত হয় বাইক আৰোহীজন |

বৰ্তমান বাইক আৰোহীজনক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও অচেতন হৈ থকাত বৰ্তমানলৈকে পৰিচয় পোৱা হোৱা নাই | দুৰ্ঘটনা সংঘটিত কৰি আৰটিকা গাড়ীৰ চালকজনে ঘটনাস্হলীৰ পৰা পলায়ন কৰে |

আনহাতে আকৌ পঞ্জীয়ন বিহীন টাটা মোৱাইলখনত অহা তপন পাল আৰু তেওঁৰ পত্নী সামান্য ভাৱে আঘাট প্ৰাপ্ত হয় । টাটা মোৱাইল গাড়ীখনৰ চালকজনে সুযোগ বুজি ঘটনাস্হলীৰ পৰা পলায়ন কৰে | দুৰ্ঘটনাগ্ৰস্থ আৰটিকা গাড়ীখনৰ নম্বৰ AS 02 Q 7561, বাইকখনৰ নম্বৰ AS 02 Q 1290 | ঘটনাস্হলীত লংকা আৰক্ষী উপস্হিত হৈ পৰিস্হিতিৰ বুজ লয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here