লংকাৰ বৰবহা হাইস্কুলত ‘বিভা বৰকটকী ফাউণ্ডেচন’ৰ প্ৰতিভা বঁটা্ প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীঃ ২০২১ত অসমত অসমীয়া ভাষীৰ সংখ্যা হ’বগৈ ৭০ শতাংশ-ড° ৰাজবংশী

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং,৯ জুনঃ ‘বিভা বৰকটকী একাডেমী ফাউণ্ডেচন’,লংকাৰ উদ্যেগত শনিবাৰে বৰবহা হাইস্কুলত অনুষ্ঠিত প্ৰতিভা বঁটা ২০১৯, প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে সম্প্ৰত্তি অসমত চৰ্চিত হৈ থকা “চলো পাল্টাই”ক গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাই অসমীয়া ভাষীৰ সংখ্যা ২০২১ত ৭০ শতাংশ হোৱাৰ দাবী কৰে। দুজনমান ব্যক্তিৰ “চলো পাল্টাই”ক গুৰুত্ব দিলেহে চল পাব বুলি মন্তব্য কৰি ড° ৰাজবংশীয়ে সজাগ আৰু জন সচেতনতাৰে অসমীয়া ভাষাৰ হকে সকলোকে আগুৱাই আহিবলৈ আহ্বান জনায়। লগতে অসম সাহিত্য সভাই চৰ অঞ্চল ; চাহ বাগিচা ; সংখ্যালঘু অধ্যূষিত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু তাৰ স্থানীয় লোকসকলৰ মতামত গ্ৰহণ কৰে৷
সেই অঞ্চলৰ ৰাইজে মতামত অনুসৰি অসমীয়া ভাষাৰ পক্ষত থাকিবআৰু সেই অঞ্চলসমূহত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ
প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কঠোৰ হ’ব আৰু আসমীয়া মাধ্যমৰ স্কুল খুলিব৷ গতিকে ছ’চিয়েল মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এনেবোৰ মন্তব্য অৰ্থহীন৷ আনহাতে বৰবহা হাইস্কুলৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়তে লেটাৰ নম্বৰসহ ৮০শতাংশ লাভ কৰা আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ সন্তান ৰুক্মিণী দাস নামৰ ছাত্ৰী গৰাকীক বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান কৰে আৰু একেখন বিদ্যালয়ৰ আন চাৰিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনাই মুখ্য অতিথি ড° পৰমানন্দ ৰাজবংশী আৰু ফনিন্দ জদুঙে ৷ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লিখক ড° শৰৎ বৰকটকীৰ মাতৃৰ নামত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীলৈ আগবঢ়োৱা উক্ত বঁটা প্ৰদান অনুষ্ঠানত ড°পৰমানন্দ ৰাজবংশীৰ লগতে মাধ্যমিক শিক্ষা সঞ্চালক মনিন্দ্ৰ জিডুংকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here