লংকাত পুৱাতেই মহৰ আতংকঃ উন্মুক্ত মহৰ আক্ৰমণত নিহত মহিলা

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং,৯ জুনঃ লংকাত আজি সোমবাৰে পুৱাতেই এটি ঘৰচীয়া মহে তীব্ৰ আতংকৰ সৃষ্টি কৰে।লংকাৰ সমীপৱৰ্তী উদালীত মহটোৰ আক্ৰমণত থিতাতে নিহত হয় ৭০ বছৰীয়া সোণাবান বিবি নামৰ মহিলাগৰাকী।উদালীৰ জুঠাংবস্তিৰ হিফজুৰ ৰহমান নামৰ লোকজনৰ ঘৰচীয়া মহটোৱে পুৱাতে ঘৰত বান্ধি থোৱা অৱস্থাৰ পৰা ৰচী চিগি আহি উন্মাদ হৈ পৰি, যেনিয়ে তেনিেয় গৈ যাকে য’ত পায় আক্ৰমণ কৰে।উন্মাদ হৈ পৰা মহটোৱে ঘৰৰ ভিতৰলৈকো চোঁচা লৈ সৃষ্টি কৰে আতংকৰ।মহটোৰ আক্ৰমণত অঞ্চলটোত ইতিমধ্যে কেইবাজনো লোক আহত হ’বলগা হয়।ইয়াৰে দুজন আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।আহত চমৰুণ নেচা নামৰ মহিলাগৰাকীক নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ফইজুৰ ৰহমান নামৰ লোকজনক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে যদিও বৰ্তমানেও উন্মত্ত হৈ পৰা মহটোক ধৰিব পৰা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here