হিন্দু জাগৰণ মঞ্চ(অসম)ৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাৰ তীৰ্থ নগৰী হাজোত সাংগাঠনিক প্ৰচাৰঃ শতাধিক লোকৰ হিন্দু জাগৰণ মঞ্চত যোগদান

প্ৰাগজ্যোতিষ বাৰ্তা, হাজোৰ পৰা কিশোৰ ডেকা,১০জুনঃ যোৱাকালি ৯জুনত হিন্দু জাগৰণ মঞ্চ(অসম)ৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাই এতৈহাসিক তীৰ্থ নগৰী হাজোত সাংগাঠনিক প্ৰচাৰৰ বাবে উপস্থিত হয়| হাজোৰ তৰুণ প্ৰজন্ম তথা বৌদ্ধিক মহলে হিন্দু জাগৰণ মঞ্চৰ নীতি, আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অনানুষ্ঠানিক ভাৱে প্ৰায় শতাধিক লোকে হিন্দু জাগৰণ মঞ্চত যোগদান কৰে| চলিত মাহৰ শেষৰ পিনে হাজো অঞ্চলৰ সকলো চুবুৰী ভিত্তিক কমিটী গঠন কৰি নতুন সদ্যসৰ আনুষ্ঠানিক যোগদানৰ বাবে এখন বিশাল সভাৰ আয়োজন কৰিব বুলি সংগঠনৰ ফালৰ পৰা জানোৱা হৈছে| উল্লেখনীয় যে তীৰ্থনগৰী হাজোৰ মঠ-মন্দিৰ,সত্ৰ নাম ঘৰ,গোসাই ঘৰ আদিৰ সংৰক্ষণ তথা উন্নায়নৰ বাবে হিন্দু জাগৰণ মঞ্চৰ দৰে সংগঠনৰ প্ৰয়োজন হাজোবাসী ৰাইজে বহুদিনৰ পৰা অনুভৱ কৰি আহিছে বুলি হাজোৰ স্থানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here