জি আই এম টি, তেজপুৰৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ সজাগতা সভা সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰ,১০জুনঃ তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰৰ সামাজিক কল্যাণকামী ক্লাব ‘সহযোগ’ৰ উদ্যোগত ৮ জুন তাৰিখে ‘আচাম ভেলী একাডেমী’ত এখনি বিনামূলীয়া কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । দিনৰ ১২ বজাৰ পৰা আয়োজিত অনুষ্ঠানটোত কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে । অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়ায়, লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । ড° বুঢ়াগোহাঁয়ে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্য শাখাত শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে যে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও তেওঁ বিষদ বাখ্যা আগবঢ়ায় । কেৰিয়াৰ সজাগতা সভাখনত ‘আচাম ভেলী একাডেমী’ৰ কলা আৰু বাণিজ্য শাখা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাডেমীৰ ডাৰেক্টৰ, অধ্যক্ষ তথা আন শিক্ষক-শিক্ষয়ত্ৰীসকলও উপস্থিত থাকে |

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here