বৰবিহ ‌ড্ৰাগছে ভয়ংকৰভাৱে শিপাইছে গোলাঘাটতঃ নগৰখনৰ অলিয়ে গলিয়ে এতিয়া ড্ৰাগছৰ অবাধ বেহাঃ এজনৰ মৃত্যু

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ১০জুনঃ বৰবিহ স্বৰূপ ড্ৰাগছ সেৱন কৰি বহুজনৰ জীৱন ধংস হৈ যোৱাৰ সময়তে ড্ৰাগছ সেৱনকাৰী এজন যুৱকৰ মৃত্যুৱে পুনৰ পোহৰলৈ আনিলে ড্ৰাগছৰ ভয়াবহতাৰ ছবি৷ এগৰাকী মাতৃৰ হিয়াভগা কান্দোন।মাতৃৰ বুকু উকা কৰি অকাল মৃত্যুক সাৱটিলে গোলাঘাটৰ এজন ২২ বছৰীয়া যুৱকে৷ পুত্ৰৰ নিঠৰ দেহ দেখি চিকিৎসালয়ৰ বাৰাণ্ডাত হুকহুকাই কান্দি উঠিল মাতৃয়ে৷ পূৰ্বতে পুত্ৰৰ দুবছৰ বয়সতে স্বামীক হেৰুওৱাৰ যান্ত্ৰণা পুত্ৰৰ মুখলৈ চাই পাহৰিবলৈ চেষ্টা কৰা মহিলাগৰাকীয়ে পুত্ৰ বিয়োগৰ শোকত চৌদিশে এতিয়া অন্ধকাৰ দেখিছে। ড্ৰাগছ আক্ৰান্ত পুত্ৰক চিকিৎসা কৰাই অনাৰ এটা দিন পাৰ নহ’লেই পুনৰ ড্ৰাগছ সেৱন কৰি অকাল মৃত্যুক সাৱতিলে যুৱকজনে । প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাট নগৰৰ চানমাৰীৰ সঞ্জীৱ গোস্বামী নামৰ ড্ৰাগছ আসক্ত যুৱকজন অসুস্থ হোৱাত মাতৃ ৰুণু গোস্বামীয়ে গুৱাহাটীত চিকিৎসা কৰাই অনাৰ পাছত কালি যুৱকজনে মনে মনে গৈ সমীপৰ জজ নামৰ ড্ৰাগছ ব্যৱসায়ী নামৰ ঘৰত পুনৰ ড্ৰাগছ সেৱন কৰে৷ পিচত কাষৰে এখন চাহ বাগিচাৰ কাষত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱকজন৷ এই ঘটনা ড্ৰাগছ ব্যৱসায়ীজনে লুকুৱাবলৈ চেষ্টা কৰা বুলিও মৃত সঞ্জীৱ গোস্বামী নামৰ যুৱকজনৰ মাতৃয়ে অভিযোগ কৰিছে। ড্ৰাগছ আক্ৰান্ত যুৱকজনক ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয় লৈ অনা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ যে গোলাঘাটৰ অলিয়ে গলিয়ে এতিয়া মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা। কোনে কাক মেনেজ কৰি চলাই গৈছে এই ব্যৱসায়?গোলাঘাটৰ অলিয়ে-গলিয়ে বিশেষভাৱে যুবপ্ৰজন্ম আসক্ত হৈছে এই সৰ্বগ্ৰাসী ড্ৰাগছৰ।শান্তিপুৰ,কুমাৰপট্টি,তপন নগৰ,শ্ৰীমন্ত নগৰ,উদয় নগৰ,জ্যোতি নগৰ,মাৰোৱাৰীপট্টি,কে ধৰি বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা।প্ৰতিদিনেই ড্ৰাগছৰ আসক্তৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে গোলাঘাটত। পিতৃ মাতৃক ফাঁকি দি বহু নৱ-প্ৰজন্মই ড্ৰাগছ লয় গোপন স্হানত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে গোলাঘাট আৰক্ষীৰ ভূমিকাক লৈয়ো। আৰক্ষী থকাৰ পাছতো কিদৰে চলিছে ব্যাপক হাৰত গোলাঘাটত মুকলিকৈ ড্ৰাগছৰ ব্যবসায়।নে দেখিও নেদেখাৰ ভাও আৰক্ষীৰ। সঞ্জীৱক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি মাতৃ ৰুণু গোস্বামীয়ে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা বুলি জনা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here