গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১০ জুনঃ গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি মহাবিদ্যালয়খনৰ পুৰুষৰ প্ৰস্ৰাৱগাৰৰ কাষতে উদ্ধাৰ হয় মৃতদহটো ফৰকাটিং চাহ বাগিচাৰ ধনীৰাম ভূমিজ বুলি চিনাক্ত কৰা হৈছে । মানসিক ভাৱে অসুস্থ লোকজনৰ মহাবিদ্যালয়ৰ চৌহদত কেনেকৈ মৃত্যু হ’ল সেয়া বৰ্তমানে পোহৰলৈ অহা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here