বৃহৎ নদী বান্ধৰ বিৰুদ্ধে গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ১১ জুনঃ নামনি অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে জৈৱ বৈচিত্ৰ্ৰৰ বিলুপ্তি ঘটাব পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো অসম যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকি যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱাই কয় যে- অসমৰ বিভিন্ন দল সংগঠনৰ দাবীত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ হৈ আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে পুনৰ কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত এন এইচ পি চিয়ে যুদ্ধংদেহী মনোভাৱেৰে পুনৰ নদীবান্ধৰ কাম আৰম্ভ কৰিছে৷ তেওঁ লগতে কয় যে জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিব পাৰিব নে নাই সেই ৰায় সেউজ ন্যায়ধীকৰণে দিয়াৰ কথা আছিল যদিও এন এইচ পি চিয়ে তালৈ অপেক্ষা নকৰিলে৷ লাখ লাখ মানুহৰ জীৱনলৈ মৃত্যু কঢ়িয়াই আনিব পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্মীয়মান সকলোধৰণৰ বৃহৎ নদীবান্ধৰ কাম অতিশীঘ্ৰে বন্ধ কৰিবলৈ তেওঁ দাবী জনায়৷ কাৰ্যসূচীৰ অন্তত গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে নদীবান্ধ বন্ধ কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ৰন্টু দত্ত, কাৰ্যনিৰ্বাহক সদস্য দিগন্ত চেতীয়া, আমন্ত্ৰিত উপদেষ্টা নলিনীৰঞ্জন বৰুৱা, জিলা উপদেষ্টা জয়ন্ত শইকীয়া, জিলা সভাপতি আব্দুল হাচিম, সম্পাদক নিকুঞ্জ মেধীৰ লগতে পৰিষদৰ সদস্যসকল উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here