প্ৰতাপ সিং ডেকাৰ বিয়োগত শোক

প্ৰাগ ডেস্ক,১১জুনঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নগাঁও বিভাগৰ বিভাগ সংঘচালক তথা জাগিয়াল মৌজাৰ মৌজাদাৰ প্ৰতাপ সিং ডেকাৰ যোৱা ৭জুনৰ দিনৰ ৩ বজাত হঠাতে পৰলোক প্ৰাপ্তি হয়৷ সমাজসেৱী ডেকাৰ বিয়োগে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ সমন্নিতে নগাঁৱৰ সৰ্বত্ৰে শোকৰ ছাঁ পেলাইছে৷ ডেকাৰ বিয়োগত প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ পৰিয়াল বৰ্গয়ো গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here